বোকাজানত কৰ্তব্যৰত আৰক্ষী বিষয়াক দলবদ্ধ আক্ৰমণঃ গ্ৰেপ্তাৰ গাঁওবুঢ়া দম্পতী
নিয়মীয়া বাৰ্তা, ২৫ মে’: মাৰাত্মক ক’ৰোনাৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে আজি অমৃত মেচ আৰু তেওঁৰ পত্নীয়ে বোকাজান আৰক্ষী থানাৰ এগৰাকী কৰ্তব্যৰত আৰক্ষী বিষয়াক শাৰীৰিকভাৱে আক্ৰমণ কৰা ঘটনাই এতিয় সমগ্ৰ বোকাজান মহকুমাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি বোকাজান আৰক্ষী থানাৰ সন্মুখতেই আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সুলভ মূল্যৰ চৰকাৰী চাউল আৰু বিভিন্ন অবৈধ সামগ্ৰী পৰিবহন কৰি আহিছে অমৃত মেচ নামৰ দাম্ভিক গাঁওবুঢ়াজনে ।
আজি বোকাজান আৰক্ষী থানাৰ বিষয়া চৰণ মোহন চেতিয়াই স্বয়ম্ভু ট্ৰেন্সপৰ্টাৰ অমৃত মেচৰ গুজামঘৰত উপস্থিত হৈ যাৱতীয় নথিপত্ৰ সম্পৰ্কত সোধ-পোচ কৰাৰ সময়তেই অমৃত মেচে খঙত অগ্নিশৰ্মা হৈ আৰক্ষী বিষয়াজনক অশ্লীল গালিগালাজ কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰে ।
এই কথা জ্ঞাত হোৱাৰ পাছতে থানাৰ সমীপৰ বিভিন্ন ব্যৱসায়ী, পথচাৰী উপস্থিত হোৱাৰ পাছতে মেচৰ পত্নী ৰীতা মেচেও আৰক্ষী বিষয়াজনক আক্ৰমণ কৰে ।
এই ঘটনাই চূড়ান্ত ৰূপ লোৱাত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে দম্পতীহালক আটক কৰি থানালৈ লৈ যায় ।
পৰৱৰ্তী সময়ত বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাস, বোকাজান মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ তাহিৰ আলম আৰু অতিৰিক্ত আয়ুক্ত ভাস্কৰজ্যোতি কলিতা গুদামঘৰত উপস্থিত হৈ যাৱতীয় নথি-পত্ৰ নোপোৱাত গুদামঘৰটোত তলা মাৰি দিয়ে ।
আহাতে কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ অপৰাধত এক জামিন বিহীন গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰিছে ।