নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাধাৰণ দুর্ঘটনাক লৈ পাচলি ব্যৱসায়ীক ৰাজপথতে মৰিয়াই মৰিয়াই হত্যা

নিয়মীয়া বাৰ্তা, ২৫ মেঃ চাৰি উদণ্ড যুৱকৰ জিঘাংসাৰ বলি হ’ল এজন সাধাৰণ পাচলি ব্যৱসায়ী৷ সামান্য কথাতে হোৱা তর্কাতর্কি পাছত ৰাজপথৰ ওপৰতে চাৰি যুৱকে সংঘবদ্ধ হৈ মৰিয়াই মৰিয়াই মুমুর্ষু কৰিলে ক্ষুদ্র ব্যৱসায়ী সনাতন ডেকা (৪৫)ক৷ ২২ মে’ত হাজোৰ মনাহকুছিত সংঘটিত এই ঘটনাৰ এদিনৰ পাছত কালি সন্ধিয়া আমিনগাঁৱৰ জি এন আৰ চি হাস্পতালত সনাতন ডেকাৰ মৃত্যু ঘটে৷

এই ঘটনাক কেন্দ্র কৰি সমগ্র অঞ্চলটোৰ লগতে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এই নৃশংস হত্যাকাণ্ডত জডিত দুর্বৃত্তকেইটা হ’ল হাজো থানাৰ অন্তর্গত বৰম্বৈৰ ফাইজুল হক (দালি), ইউচুপ উদ্দিন আহমেদ, খবিৰুদ্দিন আহমেদ আৰু আব্দুল জলিল৷ উল্লেখ্য যে হাজো থানাৰ অন্তর্গত তেতেলিয়া গাঁৱৰ নগেন ডেকাৰ পুত্র সনাতন ডেকাই ২২ মে’ত পাচলি বিক্রী কৰি বৰম্বৈ দিশৰ পৰা মনাহকুছিলৈ আহি আছিল৷ এনে অৱস্থাত ৩নং মনাহকুছি নদীপাৰত বৰম্বৈৰ মুখনীয়াৰ আব্দুল জলিল আৰু খবিৰুদ্দিন আহমেদ নামৰ লোক দুজনৰ বাইকৰ লগত সনাতনৰ চাইকেলখন দুর্ঘটনাত পতিত হয়৷ ইয়াকে লৈ দুয়োৰে মাজত কথাৰ কটাকটি হয় যদিও পাছত আব্দুল জলিলে খবৰ দিয়াত ফাইজুল হক আৰু ইউচুপ উদ্দিনে এখন স্কুটীৰে আহি সেই স্থানত উপস্থিত হয় আৰু কোনো সোধা–পোছা নকৰাকৈ চাৰিওজনে মিলি পৰিকল্পিতভাৱে সনাতনক উপর্যুপৰি প্রহাৰ কৰে৷ নির্দয় প্রহাৰত পথতে ঢ়লি পৰা সনাতনক প্রথমে আমিনগাঁও জি এন আৰ চি হাস্পতালতত ভর্তি কৰে৷ মূৰ আৰু বুকুত গুৰুতৰ আঘাত পোৱা সনাতন ডেকাই অৱশেষত  চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে৷ সনাতনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ঘৰলৈ নিয়াৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

একাংশ লোকে সনাতনৰ মৃতদেহ হত্যাকাৰী ফাইজুলৰ ঘৰত শেষকৃত্য সম্পন্ন কৰিব বিচাৰে৷ আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্রিত হয়৷ পাছত স্থানীয় শ্মশানত শেষকৃত্য সম্পন্ন কৰে৷ মৃত্যুৰ সময়ত সনাতনে পত্নীসহ পিতৃ–মাতৃ, ভাই–ককাইক ইহ সংসাৰত এৰি থৈ যায়৷ ইফালে, সনাতন ডেকাৰ নশ্বৰদেহ  নিজ গৃহ আহি পোৱাৰ লগে লগে বিভিন্ন ব্যক্তি দল–সংগঠনৰ প্রতিনিধিৰ লোক তেওঁৰ বাসগৃহত উপস্থিত হৈ শোক প্রকাশ কৰি পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ আৰক্ষী প্রশাসনৰ ওচৰত দাবী জনায়৷ সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্রকাশ চন্দ্র দাস, দমদমা আঞ্চলিক ছাত্র সন্থা,গৰিয়া–মৰিয়া যুৱ–ছাত্র পৰিষদেও দোষীৰ শাস্তিৰ দাবীত আজি সন্ধিয়া হাজো থানাত পৃথকে স্মাৰক–পত্র প্রদান কৰে৷ আনহাতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত হত্যাকাৰীক।

You might also like