নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় ক্ষুদ্র পাচলি ব্যৱসায়ী সনাতন ডেকাক মৰিয়াই মৰিয়াই হত্যা কৰিলে ৪ পাষণ্ডই

নিয়মীয়া বাৰ্তা, ২৫ মেঃ এটা হত্যাকাণ্ডক লৈ তুলপাৰ লাগিছে সমগ্ৰ ৰাজ্য । কিয়নো চাৰি উদণ্ড যুৱকৰ জিঘাংসাৰ বলি হ’ল এজন সাধাৰণ পাচলি ব্যৱসায়ী৷
সামান্য কথাতে হোৱা তর্কাতর্কি পাছত ৰাজপথৰ ওপৰতে চাৰি যুৱকে সংঘবদ্ধ হৈ মৰিয়াই মৰিয়াই মুমুর্ষু কৰিলে ক্ষুদ্র ব্যৱসায়ী সনাতন ডেকাক৷
২২ মে’ত হাজোৰ মনাহকুছিত সংঘটিত এই ঘটনাৰ এদিনৰ পাছত কালি সন্ধিয়া আমিনগাঁৱৰ জি এন আৰ চি হাস্পতালত সনাতন ডেকাৰ মৃত্যু ঘটে৷
এই নৃশংস হত্যাকাণ্ডত জড়িত দুর্বৃত্তকেইটা হ’ল হাজো থানাৰ অন্তর্গত বৰম্বৈৰ ফাইজুল হক (দালি), ইউচুপ উদ্দিন আহমেদ, খবিৰুদ্দিন আহমেদ আৰু আব্দুল জলিল৷
উল্লেখ্য যে হাজো থানাৰ অন্তর্গত তেতেলিয়া গাঁৱৰ নগেন ডেকাৰ পুত্র সনাতন ডেকাই ২২ মে’ত পাচলি বিক্রী কৰি বৰম্বৈ দিশৰ পৰা মনাহকুছিলৈ আহি আছিল৷ এনে অৱস্থাত ৩নং মনাহকুছি নদীপাৰত বৰম্বৈৰ মুখনীয়াৰ আব্দুল জলিল আৰু খবিৰুদ্দিন আহমেদ নামৰ লোক দুজনৰ বাইকৰ লগত সনাতনৰ চাইকেলখন দুর্ঘটনাত পতিত হয়৷ ইয়াকে লৈ দুয়োৰে মাজত কথাৰ কটাকটি হয় যদিও পাছত আব্দুল জলিলে খবৰ দিয়াত ফাইজুল হক আৰু ইউচুপ উদ্দিনে এখন স্কুটীৰে আহি সেই স্থানত উপস্থিত হয় আৰু কোনো সোধা–পোছা নকৰাকৈ চাৰিওজনে মিলি পৰিকল্পিতভাৱে সনাতনক উপর্যুপৰি প্রহাৰ কৰে৷ নির্দয় প্রহাৰত পথতে  ঢলি পৰা সনাতনক প্রথমে আমিনগাঁও জি এন আৰ চি হাস্পতালতত ভর্তি কৰে৷ মূৰ আৰু বুকুত গুৰুতৰ আঘাত পোৱা সনাতন ডেকাই অৱশেষত  চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে৷ সনাতনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ঘৰলৈ নিয়াৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
 আনহাতে, আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত চলাই ২ দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও পলাতক হৈ আছে আন কেইজন হত্যাকাৰী ।
You might also like