সোৱণশিৰি ৰাজহ চক্ৰত কোৱাৰেন্টাইন শিবিৰ স্থাপনৰ প্ৰস্তুতি
নিয়মীয়া বাৰ্তা ২৫ মেঃ ঘিলামৰাস্থিত সোৱণশিৰি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সভা কক্ষত ২৪মেৰ সন্ধিয়া ৰাজহ চক্ৰ টিৰ আওতাত পৰা কোৱাৰেণ্টাইন ব্যৱস্থাপনা সমিতি এখন সভা অনুষ্ঠিত হয়। উক্ত সভাখনত ঢকুৱাখানা মহকুমাৰ মহকুমা ধিপিতি অৰিন্দম বৰুৱা , সোৱণশিৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৃষ্ণ অৰ্জুন বমন, কোৱাৰেন্টাইন কেন্দ্ৰ মূখ্য দ্বায়িত্ববাহী বিষয়া ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ কাৰ্যবাহী অভিযন্তা দিব্য জোতি দুৱাৰা , নথ বেঙ্ক কলেজৰ অধ্যক্ষ ডঃ যুগল শইকীয়া, ঘিলামৰা সামূহিক চিকিৎসালয় জেষ্ঠ চিকিৎসাৰ ডাঃধীৰেন শইকীয়া , ঢকুৱাখানা মহকুমা অসামৰিক যোগান বিভাগৰ খাদ্য পৰিদৰ্শন চাউ উইন ৱেনকেন , ঘিলামৰা বিদ্যুৎত বিভাগৰ কৰ্মচাৰীৰ লগতে ঘিলামৰা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কৰ্মচাৰীৰ আৰু ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত কেইজনো লাট মণ্ডল উপস্থিত থাকে। অনুষ্ঠিত সভা খনত ঘিলামৰা নথ বেঙ্ক কলেজত স্থাপন কৰা ৭৫ খন বিচনাৰে সম্পূৰ্ণ কৰি তোলা এই কোৱাৰেন্টাইন কেন্দ্ৰত ক’ভিড-১৯ সংক্ৰমণ যাতে নিয়ন্ত্ৰণ কৰিব পাৰি আৰু আৰু এই ক্ষেত্ৰত কোৱাৰেন্টাইন কেন্দ্ৰ সমুহৰ প্ৰয়োজনীয সা-সুবিধাসমূহ যাতে প্ৰদান কৰিব পাৰি সেই বিষয়ে সভাত আলোচনা কৰা হয়।
আনহাতে ঘিলামাৰা নথ বেঙ্ক কলেজ, আৰু ঘিলামৰা উচ্চতাৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা দুটা কোৱাৰেন্টাইন কেন্দ্ৰ ত মুঠ ১০০ খন বিচনা সাজু কৰি ৰখাৰ উপৰিও ঘিলামৰাত থকা পৰিতক্ত আই-টি-আই ত একেলগে ১০০ খন বিচনা সাজু কৰা বাবে মূল চৌহদটি পৰিষ্কাৰ কৰি তুলিছে । অবশ্যে অদ্যাপি ঘিলামৰা ৰাজহ চক্ৰ অন্তৰ্গত প্ৰায় 20গৰাকী বহিঃৰাজ্য পৰা অহা শ্ৰমিকৰ ঢকুৱাখানাত মহকুমা প্ৰশাসনে কোৱাৰেন্টাইন কৰিছে আৰু পৰবতী সময়ত ঘিলামৰা স্থাপন কৰা কেন্দ্ৰ সমুহৰ কোৱাৰেন্টাইন কৰা হ’ব বুলি মহকুমা প্ৰশাসনে সাংবাদিক আগত প্ৰকাশ কৰিছে ।