নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শালনা বৰজুৰিত চোৰাং কাঠ জব্দ

নিয়মীয়া বাৰ্তা ২৫ মেঃ নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলে যোৱা নিশা বৰজুৰি অঞ্চলৰ সমিপৰ পৰা মূল্যবান চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷জানিব পৰা মতে যোৱা নিশা প্ৰায় ১১–৩০ মান বজাত নগাঁও কাৰ্বিআংলং সীমান্ত তথা পাৰ্কোপ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ পাহাৰৰ পৰা চোৰাং কাঠ বেপাৰীয়ে মাকৈ শালৰ ফান্ট্ৰা সমূহ আনি বৰজুৰি সমিপত মজুত কৰি সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত যোৱা এটা তহলদাৰি বন কৰ্মী দলে উক্ত চোৰাং কাঠ খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷যোৱা নিশা বৰজুৰি অঞ্চলৰ পৰা বন বিভাগে জব্দ কৰা চোৰাং মাকৈ শালৰ ৩০ টা ফান্ট্ৰা বৰ্তমান শালনা বন কাৰ্যালয়ত আছে বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়াৰ লগতে উক্ত চোৰাং কাঠ খিনি বজাৰৰ মূল্য প্ৰায় ৩০ হাজাৰ টকাৰ হব বুলি জানিবলৈ দিয়ে ৷

You might also like