নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱলৈ জাকে জাকে আহিছে বহিঃ ৰাজ্যৰ লোক

তিনি ক'ৰোনা আক্ৰান্তক নগাঁও চিভিলত ভৰ্তি

নিয়মীয়া বাৰ্তা, ২৫ মেঃ বহিঃৰাজ্যত কৰ্মৰত নগাঁও জিলাৰ শ্ৰমিক সকলৰ যোৱা ১৫ মে পৰা আৰম্ভ হোৱা ওভটননি যাত্ৰা ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰিছে। আজিও জিলা খনলৈ বহিঃ ৰাজ্যৰ পৰা দুখন বিশেষ ৰেলযোগে ৪৩৬ গৰাকী শ্ৰমিক আৰু তেওঁ লোকৰ পৰিয়ালৰ সদস্য নগাঁৱলৈ ওভটি আহিছে। আজি স্পেচিয়েল গুৰগাঁও ৰেল যোগে আহি চাপৰমুখ ৰেল জংছনত নামে ২৪জন শ্ৰমিক। এই শ্ৰমিক সকলৰ ভিতৰৰ ছয় জন নগাঁও জিলাৰ এজন ডিমাহাচাও জিলাৰ তিনি জন হোজাইৰ আৰু ১৪ জন কাৰ্বিআংলং জিলাৰ শ্ৰমিক। এই শ্ৰমিক সকলক স্বাস্থ্য বিভাগে বিশেষ বাহন যোগে নগাঁৱলৈ লৈ আহে।আনহাতে, ত্ৰিপুৰাৰ পৰা অহা আন এখন ৰেল “ত্ৰিপুৰা-ধুবুৰী শ্ৰমিক ৰেল”যোগে আগৰতলাৰ পৰা নগাঁৱলৈ আহে ৪১২গৰাকী লোক। এওঁলোকৰ ভিতৰত ৫০গৰাকীৰো অধিক শিশু আছে।অন্য লোক সকল শ্ৰমিক। তেওঁ লোকে আগৰতলাত ইটা ভাটাৰ শ্ৰমিক হিচাপে কাম কৰি আছিল। এওঁলোকৰ ভিতৰত নগাঁও জিলাৰ ৩৯৮জন আৰু কাৰ্বিআংলং জিলাৰ ১৪জন শ্ৰমিক আছে। এই লোক সকলো চাপৰমুখ ৰেল জংছনত নামে। এওঁলোককো স্বাস্থ্য বিভাগৰ লোকে বিশেষ বাহন যোগে নগাঁৱলৈ আনে। দুয়োখন ৰেলত অহা শ্ৰমিক সহ মুঠ ৪৩৬গৰাকী লোকক নগাঁও চহৰৰ নেহৰুবালিৰ অস্থায়ী স্ক্রীনিং চেন্টাৰলৈ আনি আটাইকেইজনৰে ষ্কীণিং সম্পন্ন কৰি জিলা খনৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰে।আটাইৰে শ্বাৱৰ নমুনা সংগ্ৰহ কৰি ক’ভিড পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হ’ব।
নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আজি জিলাখনৰ ২০০জন লোকৰ শ্বাৱৰ নমুনা সংগ্ৰহ কৰি ক’ভিড-১৯ পৰীক্ষাৰ বাবে বিজ্ঞানগাৰলৈ পঠিওৱা হৈছে। ইপিনে, আজি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত পুনৰ তিনি জন ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকক ভৰ্তি কৰোৱা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে। এওঁলোক হ’ল-হোজাই জিলাৰ মোৰাঝাৰ বৰবিলৰ ছাইদুল ইছলাম (২০), কাৰ্বিআংলং জিলাৰ খেৰনিৰ দুই নম্বৰ নয়া বিলৰ মুন্না চৌহান (১৯) আৰু খেৰনি চেং চেং বিণৰ মোহন বাহাদুৰ ছেত্ৰী (২০)। এই চাৰিজন ক’ভিড ৰোগীক লৈ নগাঁৱৰ ক’ভিড হাস্পতালত ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা চাৰি জনলৈ বৃদ্ধি পায়। ইতিপূৰ্বে, ক’ভিড হাস্পতাল খনত ধিং সুতাৰ গাঁৱৰ নাজিবুৰ হুছেইন (২৬)নামৰ এজন কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীক ভৰ্তি কৰোৱা হৈছিল।
You might also like