প্ৰতীকি ফটো অসম চলন্ত অৱস্থাতে ডবাৰ চেইন টানি কেইজনমান যুৱক পলোৱা ভিডিঅ’টো চাপৰমুখ এলেকাৰ নহয়ঃ চাপৰমুখ ৰে’ল সুৰক্ষা বাহিনী By নিয়মীয়া বাৰ্তা On May 25, 2020 Share নিয়মীয়া বাৰ্তা, ২৫ মেঃ ৰবিবাৰে অসমৰ একাংশ পৰ্টেল নিউজ, টেলিভিছন চেনেল আৰু ফেছবুক পেজত প্ৰকাশিত নগাঁৱৰ ৰহাৰ চাপৰমুখ ৰে’ল ষ্টেচনৰ ওচৰত বহিঃৰাজ্যৰ পৰা অসমলৈ অহা বিশেষ শ্ৰমিক ৰে’লৰ পৰা চলন্ত অৱস্থাতে ডবাৰ চেইন টানি কেইজনমান অসমৰ বাহিৰৰ পৰা অহা যুৱক নামি পলাই যোৱা বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতে আজি ৰহা আৰু চাপৰমুখ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। উল্লেখ্য যে, এই বাতৰি প্ৰকাশৰ পাছতেই বিভিন্নজন লোকে ছ’চিয়েল মেডিয়াত প্ৰচাৰ কৰাত বিভিন্ন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তদুপৰি এই বাতৰি প্ৰকাশৰ পাছতেই ৰহা-চাপৰমুখ স্থানীয় প্ৰশাসনৰ মাজতো হাহাকাৰ লাগে যদিও প্ৰশাসনৰ হাততো সঠিক তথ্য নাছিল। কিন্তু আজি উক্ত বাতৰি সন্দৰ্ভত কোনো সত্যতা নাই বুলি স্পষ্টীকৰণ প্ৰকাশ কৰিলে চাপৰমূখ ৰেলৱে সুৰক্ষা বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়াই। চাপৰমুখ ৰে’লৱে সুৰক্ষা বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল শৰণীয়াই সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি দেওবাৰে নগাঁও জিলাৰ চাপৰমুখ ৰে’লৱে ষ্টেচনত ৰেলৰ পৰা কোনোলোক চেইন টানি পলায়ন কৰা নাই। তদুপৰি ভিডিঅ’টোত দেখা অনুসৰি ৰেলপথৰ কাষত যি চাহবাগান দেখা গৈছে, চাপৰমুখ ৰে’লৱে সুৰক্ষা বাহিনীৰ থানাৰ এলেকাত তথা জাগীৰোডৰ পৰা কামপুৰলৈকে ৰেলপথৰ কাষত কোনোধৰনৰ তেনেকুৱা চাহবাগিছা নাই। সেহে ইয়াৰ দ্বাৰা নিশ্চিত যে, এনে ঘটনা চাপৰমুখ এলেকাত সংঘটিত হোৱা নাই। অন্যহাতে কালিৰ তাৰিখত চাপৰমুখ ৰে’লৱে সুৰক্ষা বাহিনী থানালৈ বিভাগীয় ভাৱে কোনো চেইন টানি ৰেল ৰখোৱা বাৰ্তাও প্ৰেৰণ কৰা নাই বা লাভ কৰা নাই বুলি কোৱাৰ লগতে প্ৰকাশিত আৰু ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা মেছেজটো সত্য নহয় বুলি মন্তব্য কৰে। ইয়াৰ লগতে ৰহাৰ স্থানীয় আৰক্ষীয়েও এনে ঘটনাৰ সত্যতা নাই বুলি মন্তব্য কৰে। লগতে আজি ৰহাৰ একাংশ সচেতন ব্যক্তিয়ে উক্ত প্ৰচাৰিত বাতৰিটো মিছা বুলি প্ৰশাসনৰ পৰা জানিব পাৰি এনেবোৰ সংবাদ প্ৰতিষ্ঠানে জনসাধাৰণৰ হিতৰ বাবে চৰজমিন তদন্ত কৰিহে বাতৰি প্ৰকাশ আৰু প্ৰচাৰৰ বাবে আহ্বান জনাইছে। Share