নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাগিল কোৱাৰেণ্টাইন চেণ্টাৰ, দুই শিশুসহ আহত ১০

নিয়মীয়া বার্তা, ২৭মেঃ পুৱতিনিশা অহা ভয়ংকৰ ধুমুহাত ভাঙি পৰিল ছাগলীয়াৰ স্ক্রীনিং চেণ্টাৰ, কোৱাৰেণ্টাইন চেণ্টাৰ আৰু অস্থায়ী তেজ পৰীক্ষা কেন্দ্র৷ ধুমুহাৰ ফলত কোৱাৰেণ্টাইন শিবিৰ ভাগি দুটি শিশুকে ধৰি ৯গৰাকী আৱাসী আহত হয়৷ ক’ৰোনা ভাইৰাছ সংক্রমণৰ পৰিপ্রেক্ষিতত এই কেন্দ্রসমূহ স্থাপন কৰা হৈছিল৷ ধুমুহাত ছাগলীয়া কোৱাৰেণ্টাইন কেন্দ্রৰ চাল ভাগি আহত হোৱা সুবিতন বিবি (৩০), মনোৱাৰা খাতুন (৪০), জাহানাৰা খাতুন (২৯), নুৰভানু খাতুন (১৪), বালিজানা বিবি (২৯), ৰেজিনা খাতুন (১০), অম্বিয়া বিবি (৪৫), জিয়াৰুল আলী (৭) আৰু ভাগিল কোৱাৰেণ্টাইন চেণ্টাৰ, দুই শিশুসহ আহত ১০। মৰিয়ম খাতুনক (৩) ততালিকে ছাগলীয়া আৰক্ষীয়ে হালাকুৰা সমূহীয়া স্বাস্থ্যকেন্দ্রত ভর্তি কৰায়৷ আনহাতে, ধুমুহাত ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱৰ এটা ঘৰত গছ উভলি পৰি সৰস্বতী মোদক (৩২) নামৰ আন এগৰাকী মহিলা আহত হয়৷ আহত মোদককো হালাকুৰা সমূহীয়া স্বাস্থ্যকেন্দ্রত ভর্তি কৰোৱা হয়৷ ইপিনে আগমনি আৰক্ষী থানাৰ ওচৰত ধুমুহাত গছ–গছনি ভাগি বিস্তৰ ক্ষতি হয়৷ আনকি ঘৰৰ টিনপাত উৰি গৈ ৩৩ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত ওলমি থাকে৷ আগমনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ দুটা পৰীক্ষাগাৰকে ধৰি সাতোটা শ্রেণীকোঠা ভাগি চূৰমাৰ হয়৷ ফলত প্রায় ত্রিশ লাখ টকা মূল্যৰ সামগ্রী নষ্ট হয় বিদ্যালয়খনৰ৷ তেনেদৰে আগমনি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তিনিটা শ্রেণী কোঠালিৰ টিনৰ চাল উৰুৱাই নিয়ে৷ পুৱতিনিশা হোৱা ধুমুহাত ঠায়ে ঠায়ে গছ উভালি পৰি বিদ্যুতৰ তাঁৰ ছিগি যায়৷ ফলত বিদ্যুৎ সেৱা বন্ধ হৈ পৰে৷ ইপিনে ধুমুহাৰ মাজতে নেৰানেপেৰা বৰষুণৰ ফলত ছাগলীয়া চেকগেটৰ স্ক্রীনিঙৰ কামকে ধৰি সকলো কাম ব্যাহত হয়৷ আনহাতে, ভাগি পৰা কোৱাৰেণ্টাইন কেম্পৰ শতাধিক আৱাসীক ওচৰৰ আন এটা কোৱাৰেণ্টাইন চেণ্টাৰলৈ স্থানান্তৰিত কৰিছে জিলা প্রশাসনে৷ ইপিনে আগমনি ৰাজহ চক্রৰ অন্তর্গত প্রায় কুৰিখন গাঁৱৰ পৰিয়াল ক্ষতিগ্রস্ত হোৱাৰ লগতে গোলকগঞ্জ ৰাজহ চক্রৰ অন্তর্গত ১৫খন গাঁৱৰ ৰাইজ ক্ষতিগ্রস্ত হৈছে৷ ধুমুহা–বৰষুণৰ ফলত শ শ বিঘা মাটিত খেতি কৰা শাক–পাচলি আৰু বৰো ধান বিনষ্ট হয়৷

You might also like