নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমগুৰিৰ পৰা বাগৰিলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ১৪৪ ধাৰা জাৰি

নিয়মীয়া বাৰ্তা ২৭ মেঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন এলেকা বানপানীয়ে বুৰাই পেলোৱাৰ ফলত জীৱ-জন্তু সমূহে ওখ ঠাই বিচাৰি আন ঠাইলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হবলগীয়া হৈছে। সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিয়ে ফৌজদাৰী কাৰ্যবিধিৰ অধীনত ১৪৪ ধৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই অনুসৰি আমগুৰিৰ পৰা বাগৰিলৈ ৰাষ্ট্ৰীয় ঘাই পথত যান-বাহন সমূহে গতিবেগ ঘণ্টাত ৪০ কি:মিটাৰতকৈ বেছি হব নোৱাৰিব। ৫ জনতকৈ অধিক ব্যক্তি সমাগম হ’ব নোৱাৰিব। যিকোনো ব্যক্তিয়ে মাৰণাস্ত্ৰ বা ধনু-কাঁড় লগত লৈ ফুৰিব নোৱাৰিব। ইয়াৰ উপৰিও ধাবা সমূহৰ সন্মুখত গধুৰ যান-বাহন ৰখোৱা আৰু ৰাষ্ট্ৰীয় উদ্যান এলেকাত উচ্চ ক্ষমতা সম্পন্ন শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু এই ক্ষেত্ৰত আৰক্ষী, সেনাবাহিনী, বনৰক্ষী আৰু ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্স এই আইনৰ অন্তৰ্ভূক্ত নহব। এই অইন তৎকালে বলবৎ হৈছে আৰু অইন ভংগকাৰী বিৰুদ্ধে আইনগত ভাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

You might also like