তিৱা স্বায়ত্ত্ব পৰিষদত ২০০৭ পৰা ২০১৯ চনলৈকে সংঘটিত অনিয়মৰ তদন্ত দাবী জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ ৫ তিৱা জাতীয় সংগঠনৰ
পৰিষদৰ বাবে ২০১৯-২০ বিত্তীয় বৰ্ষৰ আবন্টিত পূঁজি শীঘ্ৰে মুকলাই দিয়াৰ দাবী
নিয়মীয়া বাৰ্তা,২৭মেঃ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দ্বাৰা ২০০৭ পৰা ২০১৯ ৰ লৈকে তিৱা স্বায়ত্ত্ব পৰিষদত সংঘটিত হোৱা কেইবাশ কোটি টকাৰ দুৰ্নীতি আৰু অনিয়মৰ পুংখানুপুংখ তদন্ত শীঘ্ৰে ঘোষণা কৰি দোষিক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা,নিৱনুৱা তিৱা যুৱক -যুৱতী সকলক অৰ্থনৈতিক ভাৱে স্বাৱলম্বীতা কৰাৰ স্বাৰ্থত তিৱা স্বায়ত্ত্ব পৰিষদৰ উন্নয়নমুলক আচঁনি সমূহ পুনৰ নিৰ্মাণ সমিতিৰ জৰিয়তে ৰূপায়নৰ ব্যৱস্থা কৰা,তিৱা স্বায়ত্ত্ব পৰিষদৰ বাবে আৱন্টিত ২০১৯-২০ বিত্তীয় বৰ্ষৰ পূঁজি অতি শীঘ্ৰে মুকলাই দিয়াৰ ব্যৱস্থা কৰা,তিৱা স্বায়ত্ত্ব পৰিষদক সাংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰণৰ প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক প্ৰেৰণ কৰা,তিৱা ভাষা শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা আৰু তৈলক্ষেত্ৰ ব্যক্তিগত কৰণ আৰু দিহিং পাটকাই মুক্ত কয়লা খনন বন্ধ কৰাৰ দাবী জনাই আজি ৫ টাকৈ তিৱা জাতীয় সংগঠনে মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি ধৰ্মসিং বৰদলৈ,সম্পাদক চেনিৰাম মালাং,সদৌ তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমনি ডেকাৰজা,তিৱা সুৰক্ষা সমিতিৰ সম্পাদক চিজয় দেউৰী,তিৱা যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰত্নেশ্বৰ দেউৰী,এ ডি এছ এফৰ সভাপতি মুহিত আমচং আৰু তিৱা সাংস্কৃতিক সমাজৰ সম্পাদক বকিন্দ্ৰ মচৰং এ স্বাক্ষৰ কৰা স্মাৰক পত্ৰ খনত তিৱা স্বায়ত্ত্ব পৰিষদৰ তদানীন্তন মুখ্যকাৰ্যবাহী সদস্য আৰু বৰ্তমানৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰব হৈ পৰে তিৱা সংগঠন কেইটা। তেঁওলোকে তিৱা স্বায়ত্ত্ব পৰিষদত ২০০৭ চনৰ পৰা ২০১৬ চনৰ ভিতৰত পৰিষদৰ বাবে আৱন্টিত পূঁজিৰ ওপৰত ব্যাপক দূৰ্নীতি আৰু অনিয়মেৰে কেইবাশ কোটি টকা লুন্ঠন কৰা অভিযোগ আনে।