শ্রমিক কঢ়িওৱা ‘ক’ৰোনা এক্সপ্রেছ’ত ডেৰ শতাধিক আক্রান্ত
নিয়মীয়া বাৰ্তা, ২৮ মেঃ বহিঃৰাজ্যৰ পৰা অসমলৈ অহা এখন বিশেষ ৰে’ল আৰু এই বিশেষ ৰে’লখনেই এতিয়া ৰাজ্যবাসীৰ বাবে হৈ পৰিছে আতংকৰ অন্য নাম৷ এই বিশেষ ৰে’লখনত যাত্রা কৰা ডেৰ শতাধিক লোক এতিয়া আক্রান্ত হৈছে মাৰাত্মক ক’ৰোনা ভাইৰাছত৷ এই বিশেষ ৰে’লখন হ’ল চেন্নাইৰ পৰা ১৯ মে’ৰ দিনৰ ১০ বজাত অসমলৈ বুলি যাত্রা কৰা ‘বিশেষ শ্রমিক এক্সপ্রেছ’৷ এই বিশেষ ৰে’লখনৰ যোগেদিয়েই চেন্নাই–হায়দৰাবাদৰ্ পৰা অসমৰ ভিন্ন জিলালৈ আহিছিল দুই সহস্রাধিক লোক৷ ৰাজ্যখনৰ ডিমা হাছাও, গোলাঘাট, কার্বি আংলং, যোৰহাট, লখিমপুৰ, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, ডিব্রুগড়, বৰপেটা আদি প্রায়সমূহ জিলাৰ বহিঃৰাজ্যত কর্মৰত লোক উভতি আহিছিল এই বিশেষ ৰে’লখনত৷ ১৯ মে’ৰ পৰা যাত্রা কৰা ৰে’লখন অসম পায়হি ২২ মে’ত৷ এই ৰে’লযোগে যাতায়াত কৰা গোলাঘাটৰ ৩৮২গৰাকী লোকৰ ভিতৰত বর্তমানলৈকে ১২৫গৰাকী লোক আক্রান্ত হৈছে ক’ভিড–১৯ত৷ এই বিশেষ ৰে’লখনৰ যাত্রীসকলৰ ছোৱাব পৰীক্ষা কৰাৰ পাছত গোলাঘাটৰ প্রায় ৩০ শতাংশ লোকেই ক’ভিড–১৯ আক্রান্ত হোৱাৰ তথ্যই প্রত্যেক নাগৰিককে চিন্তিত কৰি তুলিছে৷ কি আছিল এই বিশেষ ৰে’লখনত, কেনেকৈ ইমানসংখ্যক লোকৰ শৰীৰত সংক্রমণ হ’ল মাৰাত্মক ক’ভিড–১৯৷
এনেবোৰ প্রশ্ণ এতিয়া সততে উত্থাপন হৈছে৷ কিয়নো শ্রমিক ৰে’লত অহা কেৱল গোলাঘাটৰ লোকেই আক্রান্ত হোৱা নাই৷ সমান্তৰালকৈ আক্রান্ত হৈছে ৰাজ্যখনৰ ভিন্ন জিলাৰ বহিঃৰাজ্যৰ পৰা অহা লোকো৷ উল্লেখ্য যে চেন্নাইৰ পৰা শ্রমিক এক্সপ্রেছত অহা গোলাঘাট জিলাৰ ভিন্ন প্রান্তৰ ১২৫জনকৈ লোক বর্তমানলৈকে আক্রান্ত হৈছে৷ কালি নিশা ১২ বজা পর্যন্ত ১০৫জনকৈ লোক আক্রান্ত হোৱা তথ্যৰ পাছত যোৱানিশা প্রায় ২ বজাত স্বাস্থ্যমন্ত্রীগৰাকীয়্ আন ৬গৰাকী গোলাঘাটৰ লোক আক্রান্ত হোৱা বুলি টুইটাৰযোগে সদৰী কৰে৷ উক্ত লোককেইজন হ’ল কৃষ্ণৰাম বৰি, ৰাজীৱ বৰি, অজয় লয়িং, নিপন লয়িং, তীর্থনাথ শইকীয়া আৰু পাপু শইকীয়া৷ আজি পুনৰ ধনশিৰি মহকুমাৰ কোৱাৰেণ্টাইনত থকা ১৪জন লোক ক’ভিড–১৯ ৰোগত আক্রান্ত হৈছে৷
উক্ত লোককেইগৰাকীও চেন্নাইৰ পৰা এক্সপ্রেছৰ জৰিয়তে ২২ মে’ত গোলাঘাটত আহি উপস্থিত হৈছিল৷ উক্ত লোককেইজনকে ধৰি শ্রমিক এক্সপ্রেছত অহা লোকৰ ১২৫জন লোক মাৰাত্মক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ বিশেষ এয়ে যে চেন্নাইৰ পৰা অহা লোকৰ শৰীৰত ক’ভিড–১৯ ভাইৰাছৰ অৱস্থিতি পোৱাৰ পাছত তীব্র আতংক সৃষ্টি হৈছে৷ চেন্নাইৰ পৰা মহাৰাষ্ট্র, নাগপুৰ, আচানচল হৈ অসমলৈ অহা বিশেষ ৰে’লখনৰ যাত্রীসকলৰ শৰীৰত দেশৰ হটস্পট মহাৰাষ্ট্রত দিয়া আহাৰৰ টোপোলাই কাল হ’ল বুলি ৰোগীসকলৰ মাজত চর্চা লাভ কৰাৰ সমান্তৰালকৈ আন এটা বিষয়ো ব্যাপক চর্চিত হৈছে৷ চেন্নাইৰ পৰা অহা বিশেষ ৰে’লখনৰ অধিকাংশ দবাতে ৰে’ল বিভাগে দিয়া সামাজিক দূৰত্ব উলংঘন কৰিছিল স্বয়ং যাত্রীসকলেই৷
সামাজিক দূৰত্বক ভেঙুচালি কৰি কেইবাটাও দবাত বিহুগীত আদি গাই একেলগে বহি সামাজিক দূৰত্বৰ নীতি উলংঘন কৰিছিল৷ কিন্তু সেই সময়ত আৰ পি এফৰ ৰে’লযাত্রা কালত যথেষ্ট দায়িত্ব আছিল যদিও ৰে’লৱে আৰক্ষীৰ চকুত নপৰা বাবেই হয়তো কোনো ক’ভিড আক্রান্তৰ দেহৰ পৰা এজন এজনকৈ সংক্রমণ হ’ল ক’ভিড–১৯৷ এনেকৈয়ে শ্রমিক এক্সপ্রেছখন ক’ভিড এক্সপ্রেছলৈ পৰিৱর্তন হোৱা বিষয়টো ব্যাপক চর্চাৰ বিষয় হৈ পৰিছে৷ আনহাতে, আজিও চেন্নাইৰ পৰা এগমৰ চেন্নাই এক্সপ্রেছেৰে গোলাঘাটত উপস্থিত হৈছেহি তিনি শতাধিক বহিঃৰাজ্যৰ লোক৷ ফৰকাটিং ৰে’ল জংচনত নমা তিনি শতাধিক লোকক আজি জিলা প্রশাসনে বাছেৰে গোলাঘাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ ছোৱাব সংগ্রহ কেন্দ্রলৈ লৈ যায় আৰু প্রত্যেকৰে ছোৱাব সংগ্রহ কৰি জিলাখনৰ ভিন্ন প্রান্তত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্রেৰণ কৰে৷