নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ ম্যাদ বৃদ্ধিত দিশহাৰা টেম্পো,ই- ৰিক্সাৰ শ-শ চালক

ঋণ লৈ ক্ৰয় কৰা বাহনৰ মাহিলী কিস্তি আদায়ত অপৰাগ চালকৰ পৰিয়ালত নামিছে ঘোৰ অমানিশা

নিয়মীয়া বাৰ্তা ২৮মেঃ-দীঘলীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত টেম্পো,ই- ৰিক্সা চালকসকল গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা এনে লোকসকলোৰ পৰিয়াললৈ ঘোৰ অমানিশা নামি আহিছে ৷ উল্লেখ্য যে মহকুমাটোৰ অভয়াপুৰী, লেংটিছিঙা, বৰঘোলা,সৃজনগ্ৰাম,পিৰাধৰা,অ যোগীঘোপা,চলন্তাপাৰা,মালেগড়, পাচনীয়া,লালমাটি,খোৰাগাওঁ,ঔডুবি ,বালাপাৰা আদি অঞ্চলৰ শ-শ নিবনুৱা যুৱকে কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাই অৱশেষত বেংক অথবা আন ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ টেম্পো, ই- ৰিক্সা আদি৷ক্ৰয় কৰে ৷ এনে যান-বাহন সমূহ অভয়াপুৰী- লেংটিছিঙা পথ,অভয়াপুৰী- বৰঘোলা, অভয়াপুৰী- উত্তৰ শালমাৰা,অভয়াপুৰী- মালেগড় হৈ কাবাইটাৰীলৈ যোৱা পথ,অভয়াপুৰী- খোৰাগাও পথ, যোগীঘোপাৰ পৰা চলন্তাপাৰা- ঔডুবিলৈ যোৱা পথ,চলন্তাপাৰা- গোৱালপাৰা পথ আদিত শ-শ টেম্পো, ই- ৰিক্সা চলাচল কৰাত মহকমাটোৰ নব্বৈ শতাংশ লোকেই টেম্পো, ই-ৰিক্সাৰ ওপৰত নিৰ্ভৰশীল ৷ ব্যৱসায়- বানিজ্য,শিক্ষা-দীক্ষা, স্বাস্থ্য আদি প্ৰায়বোৰ বিষয়ৰ ওপৰতে সিংহভাগ লোকে টেম্পো,মেজিক,ই- ৰিক্সাৰ ওপৰত নিৰ্ভৰশীল হোৱাত মহকুমাটোত এনেবোৰ যান-বাহনে পৰিবহণ ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰাৰ লগতে নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰখনতো প্ৰভাৱ বিস্তাৰ কৰি আহিছে ৷ চালক সকলৰ আৰ্জিত ধনেৰেই পৰিয়ালবোৰে কোনোৰকমে চলি আহিছিল যদিও লকডাউন ক্ৰমান্বয়ে বৃদ্ধি কৰাত চালকসকলৰ পৰিয়ালত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে,টেম্পো,মেজিক, জৰিয়তে অৰ্জা ধনেৰে পৰিয়াল ভৰণপোষণ দিয়াৰ লগতে বেংক আদি বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ কিস্তিৰ হিচাপত পৰিশোধ কৰি আহিছিল যদিও সেই কিস্তিও পৰিশোধ কৰিবলৈ অপৰাগ ৷ যি অলপ সাচতীয়া ধন,ঘৰৰত আছিল সেয়াও নোহোৱা হোৱাত এতিয়া বহু পৰিয়ালে লঘোনে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চালকসকলৰ আৰ্থিক দুৰাৱস্থাই গ্ৰাস কৰাৰ পাচতো বৰ্তমানলৈকে তেওঁলোকলৈ চৰকাৰে সহানুভূতি প্ৰদৰ্শন কৰিবলৈ আহৰি নোপোৱাত ক্ষোভিত হৈ পৰিছে শ-শ চালকে ৷

You might also like