সুখবৰ: অসমৰ ১০ টন ৰঙালাও বৰঝাৰ বিমানবন্দৰৰ পৰা ডুবাইলৈ ৰপ্তানি
নিয়মীয়া বাৰ্তা, ২৮ মে’: আজি অসমৰ ১০ টন ৰঙালাও বৰঝাৰ বিমানবন্দৰৰ পৰা ডুবাইলৈ ৰপ্তানি কৰা হয় । আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সতীৰ্থ মন্ত্ৰীদ্বয় চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাৰ সৈতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ ডুবাই অভিমুখী অসমত উৎপাদিত ৰঙালাও ৰপ্তানিৰ ফ্লেগ্ অফ্ কৰে ।
মুখ্যমন্ত্ৰী সোণোৱালে ফ্লেগ অফ কৰি সংবাদ মাধ্যমৰ আগত কয়- “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ ডুবাই অভিমুখী অসমত উৎপাদিত ৰঙালাও ৰপ্তানিৰ ফ্লেগ্ অফ্ কৰোঁ। আমাৰ কৃষিখণ্ড তথা অৰ্থনীতিৰ ক্ষেত্ৰত খেতিয়কসকলে নতুন উদ্যমৰ সূচনা কৰা দেখি সঁচাকৈয়ে আনন্দিত হৈছোঁ।”
লগতে ক’ভিড-১৯ৰ প্ৰত্যাহ্বানে আমাৰ নিজৰ শক্তি, সম্ভাৱনাক উপলব্ধি কৰাৰ সুৱৰ্ণ সুযোগ প্ৰদান কৰিছে। অসমৰ খেতিয়ক ৰাইজ আৰু চৰকাৰী সংস্থাসমূহৰ এনে ঐকান্তিক প্ৰচেষ্টাই ক’ভিড-১৯ৰ পৰৱৰ্তীকালত এক ন-দিগন্তৰ সন্ধান দিব বুলি আমি আশাবাদী বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে ।