বিটিচিত সপ্তাহত দুদিন বহিব ৰাইজৰ দৰবাৰ
নিয়মীয়া বাৰ্তা, ২৯ মেঃ বিটিচিত ৰাজ্যপাল শাসন প্রৱর্তন কৰাৰ পাছত প্রথমবাৰৰ বাবে বিটিএডিৰ ওদালগুৰি জিলাত উপস্থিত হয় ৰাজ্যপাল প্রফেছৰ জগদীশ মুখী৷ ওদালগুৰিত উপস্থিত হৈ ৰাজ্যপাল মুখীয়ে বিটিচিৰ উন্নয়নমূলক কামত ক্ষিপ্রতা অনাৰ লগতে কঠোৰ হোৱাৰ ইংগিত দিয়ে৷ ওদালগুৰি আৱর্ত ভৱনত উপস্থিত হোৱা ৰাজ্যপাল মুখীয়ে ওদালগুৰি উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত জিলা প্রশাসনৰ মুৰব্বী, শীর্ষ আৰক্ষী বিষয়া, নিৰাপত্তা বাহিনীৰ বিষয়াৰ সৈতে এক আইন–শৃংখলাজনিত বৈঠকত মিলিত হয়৷ ১১.৩০ বজাত বিটিচি প্রশাসনৰ মুৰব্বীৰ লগতে ওদালগুৰি জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে ৰাজ্যপালগৰাকীয়ে বিভাগসমূহৰ কাম–কাজৰ অগ্রগতিৰ বুজ লয়৷ ১২.৩০ বজাত ৰাজ্যপালগৰাকীয়ে জিলাখনৰ বিভিন্ন জাতীয়, ৰাজনৈতিক, ধর্মীয় দল–সংগঠনৰ মুৰব্বীৰ সৈতে এক বৈঠকত মিলিত হয়৷ ৰাজ্যপালগৰাকীয়ে ওদালগুৰি আৱর্ত ভৱন সভাকক্ষত এখন সংবাদ মেল সম্বোধন কৰে৷
সংবাদ মেলত ৰাজ্যপালগৰাকীয়ে কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ সংবাদ মেলত তেওঁ কয় যে শাসনভাৰ লোৱাৰ পাছতেই বিটিচি অঞ্চলত কিছু নতুন নীতি–নিয়ম প্রণয়নৰ ব্যৱস্থা কৰা হৈছে৷ দেশৰ আঠ শতাধিক অনুন্নত জিলাক উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ যি প্রচেষ্টা চলাই থকা হৈছে, তাৰ ভিতৰত ওদালগুৰিও অন্যতম৷ বিটিচি অঞ্চলত নির্বাচনী অধিসূচনা জাৰি হৈ থকাৰ পৰিপ্রেক্ষিতত এই অঞ্চলত কোনো নতুন আঁচনিৰ কাম হাতত ল’ব পৰা নাযায় যদিও পূর্বেই ঘোষণা কৰা আঁচনিসমূহ যাতে সফল ৰূপায়ণ হয়, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷
ৰাইজৰ অভিযোগ–আপত্তিৰ তথ্য লাভৰ বাবে আগন্তুক দিনবোৰত সপ্তাহৰ প্রতি মঙল আৰু বৃহস্পতিবাৰে দিনৰ ১১ বজাত বিটিচি অঞ্চলৰ ৪খন জিলাৰ ১১টা কার্যালয়ত ৰাইজৰ দৰবাৰ অনুষ্ঠিত কৰা হ’ব৷ এই কার্যালয়সমূহৰ ভিতৰত আছে বিটিচিৰ প্রধান সচিব, চাৰিখন জিলাৰে উপায়ুক্ত কার্যালয়ৰ লগতে ৬টা মহকুমাধিপতিৰ কার্যালয়৷ ৰাজ্যপালগৰাকীয়ে লগতে কয়– আগন্তুক দিনবোৰত তেওঁ প্রতি সপ্তাহতে বিটিচি অঞ্চল পৰিভ্রমণ কৰি চাৰিওখন জিলাৰ পৰিৱেশ–পৰিস্থিতিৰ বুজ ল’ব৷ ইফালে, ক’ভিড–১৯ সন্দর্ভত মন্তব্য প্রকাশ কৰি ৰাজ্যপালগৰাকীয়ে স্বাস্থ্য বিভাগৰ কাম–কাজক শলাগ লয়৷
সকলো ৰাইজক তলাবন্ধৰ নীতি–নির্দেশনা মানি চলাৰ আহ্বান জনাই তেওঁ কয় যে ৰাজহুৱা স্থানত মাস্ক পিন্ধা, সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক৷ ৰাজহুৱা স্থানত থু পেলোৱা অথবা তলাবন্ধ উলংঘা কৰা লোকৰ বিৰুদ্ধে প্রশাসনক ব্যৱস্থা গ্রহণৰ বাবে তেওঁ আহ্বান জনায়৷ তেওঁ লগতে আগন্তুক তিনি মাহৰ ভিতৰত ওদালগুৰি জিলাখনত ১০ লক্ষ বৃক্ষৰোপণ কৰাৰ লগতে সমগ্র বিটিচি অঞ্চলত ৪০ লক্ষ গছপুলি ৰোপণ কৰাৰ কথা তেওঁ উল্লেখ কৰি কয় যে উক্ত অঞ্চলৰ প্রতিজন চৰকাৰী কর্মচাৰীয়ে ১০ জোপা গছ ৰোপণ কৰাৰ লগতে সাধাৰণ ৰাইজৰ প্রতিজনকে পাঁচ জোপাকৈ গছ ৰোপণৰ লগতে গছবোৰ প্রতিপালনো কৰাৰ আহ্বান জনায়৷
আনহাতে, বিটিচি প্রশাসনৰ ক্ষেত্রত তেওঁ দুর্নীতিৰ ক্ষেত্রত শূন্য সহনশীলতাৰ হুংকাৰ প্রদান কৰে৷ বিগত ২৭ এপ্রিল অর্থাৎ বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰাৰ দিনটোৰ পৰা যদি বিটিচি অঞ্চলত কোনো দুর্নীতি হোৱাৰ তথ্য প্রদান কৰে, তেন্তে সেইক্ষেত্রত কঠোৰতকৈ কঠোৰ তদন্ত হ’ব বুলি উল্লেখ কৰি কোনোধৰণৰ দুর্নীতি সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়ে৷
বিটিচি অঞ্চলত আগন্তুক দিনবোৰত হ’ব পৰা বানৰ প্রতি প্রশাসনক সাজু থকাৰ নির্দেশ দিয়ে ৰাজ্যপালগৰাকীয়ে৷ প্রধানমন্ত্রীৰ লক্ষ্য অনুসৰি আগন্তুক ২০২২ চনৰ ভিতৰত বিটিচি অঞ্চলৰ কৃষকসকলৰ আয়ো যাতে দুগুণ বৃদ্ধি হয়, তাৰ বাবে সকলো বিভাগকে নিজৰ নিজৰ দায়িত্ব পালন কৰি যোৱাৰ আহ্বান জনাই সকলো বিভাগকে একলগ কৰি জিলা প্রশাসনক কার্যব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷ইফালে, বিটিচি অঞ্চলত নিযুক্তি কেলেংকাৰি সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণত ৰাজ্যপালগৰাকীয়ে কয় যে বিটিচিত কোনো ধৰণৰ দুর্নীতি সহ্য কৰা নহয়৷ উপযুক্তভাৱে লিখিত অভিযোগ পালে তদন্ত কৰা হ’ব৷
ইফালে, ক’ৰোনাৰ বাবে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ প্রতিজন লোকক জবকার্ড প্রদানৰ নির্দেশ প্রদান কৰি তেওঁলোকক ১০০ দিনৰ কামৰ প্রতিশ্রুতি প্রদান কৰি অবৈধ জবকার্ডসমূহ শীঘ্রে বাজেয়াপ্ত কৰাৰো হুংকাৰ প্রদান কৰে৷ ইফালে, যিসকল দৰিদ্র লোকৰ ৰেচন কার্ড নাই, তেওঁলোকক পর্যায়ক্রমে আগন্তুক দিনত ৰেচন কার্ড প্রদান কৰাৰ কথা ঘোষণা কৰে৷ ৰাজ্যপালগৰাকীয়ে কয়– মই বিটিচি অঞ্চলত সেৱা কৰিবহে আহিছেছা, শাসন কৰিব অহা নাই৷ বিটিচি অঞ্চলত মোৰ এদিনো বেছি থকাৰ ইচ্ছা নাই, যিদিনাই নির্বাচন অনুষ্ঠিত হয় সিদিনাৰ পৰাই মই এৰি দিম৷ যিমান সোনকালে পৰা যায় বিটিচি অঞ্চলৰ নির্বাচন অনুষ্ঠিত কৰাৰ পৰিৱেশ সূচনা হোৱাটো তেওঁ কামনা কৰে৷ সংবাদ মেলৰ অন্তত ৰাজ্যপালগৰাকীয়ে পোনে পোনে গুৱাহাটীলৈ ৰাওনা হয়৷ ৰাজ্যপালৰ এই ভ্রমণকালত তেওঁক সংগ দিয়ে ৰাজ্যপালৰ সচিব এছ এছ মিনাক্ষী সুন্দৰমৰ লগতে বিটিচিৰ প্রধান সচিব তথা শীর্ষ বিষয়াসকলে৷