নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বর্ষলৈ বৃদ্ধি টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ সময়সীমা

নিয়মীয়া বাৰ্তা, ২৯ মেঃ বেডমিণ্টন খেলুৱৈসকলৰ বাবে সুখবৰ৷ টকিঅ’ অলিম্পিকৰ বাবে হ’বলগীয়া কোৱালিফিকেচন সময়সীমা অহা বছৰলৈ বৃদ্ধি কৰিলে বিশ্ব বেডমিণ্টন ফেডাৰেচনে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে যোৱা মার্চ মাহৰে পৰা সম্পূর্ণৰূপে বন্ধ হৈ আছে বেডমিণ্টন প্রতিযোগিতাসমূহ৷ ইয়াৰ পৰিপ্রেক্ষিতত ২০২১ বর্ষত হ’বলগীয়া টকি’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰাৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হৈছিল খেলুৱৈসকলৰ মাজত৷ খেলুৱৈসকলৰ এই সমস্যাৰ প্রতি লক্ষ্য ৰাখিয়েই বিশ্ব বেডমিণ্টন ফেডাৰেচনে অলিম্পিকৰ কোৱালিফিকেচনৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ অলিম্পিক কোৱালিফিকেচনৰ মেচসমূহ ২০২১ বর্ষৰ প্রথম ১৭ সপ্তাহৰ পূর্বে অনুষ্ঠিত হ’ব বুলি বি ডব্লিউ এফৰ বিবৃতিটোত সদৰী৷ ক’ৰোনা ভাইৰাছে আন্তর্জাতিক কেলেণ্ডাৰখনত বেয়াকৈ প্রভাৱ পেলায় আৰু ইয়াৰ ফলত মার্চ মাহৰ পৰা হ’বলগীয়া প্রতিযোগিতাসমূহ স্থগিত অথবা বাতিল কৰিবলগীয়া হয় বুলি উল্লেখ কৰি বিশ্ব বেডমিণ্টন ফেডাৰেচনে লগতে কয় যে ২০১৯ বর্ষৰ ২৯ এপ্রিলৰ পৰা ২০২০ বর্ষৰ ২৬ এপ্রিলৰ সময়ছোৱাত খেলুৱৈসকলে লাভ কৰা ৰেংকিঙত কোনো ধৰণৰ প্রভাৱ নপৰে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ বাবে বি ডব্লিউ এফে ছসপ্তাহ ধৰি অলিম্পিকৰ কোৱালিফায়িং মেচসমূহ অনুুষ্ঠিত কৰিব পৰা নাছিল৷

You might also like