ক’ৰোনা ভাইৰাছ যিকোনো লোকৰ পত্নীৰ দৰে, ইয়াৰ লগত সহবাস কৰক
নিয়মীয়া বাৰ্তা,৩০ মেঃ ইণ্ডোনেছিয়াৰ নিৰাপত্তা মন্ত্রী মহম্মদ মাহফুড এমডিৰ বিতর্কিত মন্তব্যক কেন্দ্র কৰি দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ মন্ত্রীগৰাকীয়ে এক অনুষ্ঠানত অংশগ্রহণ কৰি কৈছে যে ক’ৰোনা হৈছে যিকোনো লোকৰ পত্নীৰ দৰে৷ আৰম্ভণিতে ইয়াক সকলোৱে নিয়ন্ত্রণৰ প্রচেষ্টা চলায়৷ পৰৱর্তী সময়ত নিয়ন্ত্রণ কৰিব নোৱাৰে বুলি উপলব্ধি কৰে৷ অৱশেষত গৈ ইয়াৰ সৈতে সহবাস কৰিবলৈ মানুহে শিকিবলগীয়া হয়৷ ক’ৰোনা সন্দর্ভত নাৰীক লৈ এনেধৰণৰ উপমা দিয়াৰ পাছতে মন্ত্রীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিভিন্ন দল–সংগঠন৷ ক’ৰোনা ভাইৰাছ এগৰাকী অবাধ্য মহিলাৰ দৰে বুলি এনেদৰে উল্লেখ কৰাৰ পিছতে মন্ত্রীগৰাকীক মানসিক বিকাৰগ্রস্ত বুলিও আখ্যা দিছে কেইবাটাও সামাজিক সংগঠনে৷ লক্ষণীয়ভাৱে মাৰাত্মক ভাইৰাছ ক’ৰোনাৰ সংক্রমণক লৈ আতংকিত ইণ্ডোনেছিয়াবাসী৷ এনে ভাইৰাছক মহিলাৰ সৈতে তুলনা কৰাৰ লগে লগে মন্ত্রীগৰাকীৰ নাৰীবিদ্বেষী দৃষ্টিভংগী প্রকট হোৱা বুলি কেইবাটাও মানৱ অধিকাৰ সংগঠনে অভিযোগ কৰিছে৷