নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও ক’ভিড-১৯ চিকিৎসালয়ৰ পৰা প্ৰথমটো চিকিৎসা কৰ্মীৰ দল প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনলৈ প্ৰেৰণ; বিধায়ক-জিলা প্ৰশাসনৰ উঞ্চ আদৰণি

নিয়মীয়া বাৰ্তা, ৩০ মে’ : নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কডিড-১৯ চিকিৎসালয়ত ক’ৰোণা আক্ৰান্ত ৰোগী সকলক চিকিৎসা কৰা প্ৰথমটো চিকিৎসক-নাৰ্চ-চাফাই কৰ্মীৰ দলক আজি প্ৰতিষ্ঠানিক কোৱাৰেনন্টাইনলৈ প্ৰেৰণ কৰা হয়।

ক’ৰোণা বিৰোধী যুদ্ধত অৱতীৰ্ণ এইসকল যোদ্ধাৰ ভিতৰত আছে তিনিগৰাকী চিকিৎসক, তিনি গৰাকী নাৰ্চ আৰু তিনি গৰাকী চাফাই কৰ্মী। তেওঁলোক হ’ল ভিতৰত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ই এন টি বিভাগৰ চিকিৎসক ডাঃ শেখৰ জ্যোতি নাথ, মানসিক ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ সত্যগোপাল দত্ত আৰু পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক
ডাঃ বিজন সিং। আনহাতে, নাৰ্চ সকল হ’ল ক্ৰমে চুমী ডেকা, শিখামনি বনিয়া আৰু দিপামনি মেধি আৰু চাফাই কৰ্মী সকল হ’ল ভবী বাচফ’ৰ, হিৰা হাজাৰ বাছফ’ৰ আৰু কবি বাচফ’ৰ।

স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি, সাত দিনৰ বাবে প্ৰতিষ্ঠানিক কোৱাৰেনন্টাইনলৈ যোৱাৰ পূৰ্বে এই চিকিৎসা কৰ্মী সকলক আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা উপায়ুক্ত যাদৱ শ‌ইকীয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰ, চিকিৎসালয়খনৰ অধীক্ষক ডাঃ জে আহমেদ আদিয়ে গামোচা, ফুলৰ থোপাৰে সম্ভাষণ জনায়। ইয়াৰ পিছত আজি কডিড-১৯ চিকিৎসালয়খনত আন এটা চিকিৎসক-নাৰ্চৰ দলে চিকিৎসাৰ বাবে প্ৰৱেশ কৰে। উল্লেখ্য যে আজি ৰিলিজ দিয়া চিকিৎসক-নাৰ্চৰ দলটোক নগাঁও চহৰৰ অন্যতম বিলাসী হোটেল নগাঁও প‌ইন্টত কোৱাৰেনন্টাইন কৰাৰ বিপৰীতে চাফাই কৰ্মী সকলক হোটেল বহাগীত কোৱাৰেনন্টাইন কৰা হৈছে।

ইপিনে, কোৱাৰেনন্টাইনলৈ যোৱাৰ পৰত চিকিৎসা কৰ্মী সকলে সংবাদ মাধ্যমৰ আগত কয়, চিকিৎসা সেৱা এক মানৱ সেৱা। মাৰাত্মক কৰোণা ৰোগীক চিকিৎসা কৰিবলৈ পাই আমি সুখী। কৰোণা মানেই মৃত্যু নহয়। সেয়ে এই ৰোগক লৈ ৰাইজ আতংকিত আৰু চিন্তিত হ’ব নালাগে বুলি মন্তব্য কৰে কৰোণা বিৰোধী যুজাৰু সকলে।

You might also like