নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ লেব টেকনিচিয়ানৰ দেহত ক’ভিড১৯ পজিটিভ

প্ৰশাসনে ৫০০ মিটাৰ ব্যাসাৰ্দ্ধ কৰিলে কন্টেইনমেন জ'ন তীব্ৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ৩০ মেঃ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালাগাঁৱৰ নিবাসী তথা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ কৰ্মী হেমন্ত কলিতাৰ ক’ভিড-১৯ পজিটিভ পোৱাৰ পিছত সমগ্ৰ ছয়গাঁও অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে ছয়গাঁৱৰ বালাগাঁৱৰ হেমন্ত কলিতা বৃত্তিত এগৰাকী অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লেৱৰটৰী টেকনিচিয়ান।
জানিব পৰা মতে, তেওঁ যোৱা ৮ মেৰ পৰা সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্য সম্পাদন কৰি আছিল। নিজৰ কৰ্তব্য সম্পাদন কৰি গুৱাহাটীতে কোৱাৰেন্টান হৈ আছিল লোক জনে। যোৱা নিশা লেৱৰটৰী টেকনিছিয়ান হেমন্ত কলিতাৰ ষাব পৰীক্ষাত পজিটিভ পোৱাত সমগ্ৰ ছয়গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
উল্লেখ্য যে হেমন্ত কলিতা ২১ মেলৈ ঘৰলৈ অহা যোৱা কৰি নিজৰ কৰ্ম সম্পাদন কৰি আছিল। সেইবাবে আজি বালাগাঁৱত প্ৰশাসন উপস্থিত হৈ হেমন্ত কলিতাৰ বাসগৃহৰ চাৰিওফালে ৫০০ মিটাৰ এলেকা কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে ১৪ দিনৰ বাবে। লগতে স্বাস্থ্য বিভাগৰ দল উপস্থিত হৈ পৰিয়ালৰ আটাইবোৰ লোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে হেমন্ত কলিতাই কৰ্ম সম্পাদন কৰি ২‍১ মে আগত যেতিয়া ঘৰত আহিছিল তেতিয়া বজাৰও কৰিবলৈ যোৱা বুলি জানিব পৰা গৈছে । যিসকল লোক তেওঁৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছে সেই লোকসকলৰ স্বাস্থ্য পৰীক্ষা স্বাস্থ্য বিভাগে কৰিব বুলি জানিব পৰা গৈছে ।

You might also like