নিয়মীয়া বাৰ্তা, ৩০ মেঃ অ’ এন জি চিৰ অসম সম্পদৰ অধীনৰ সাতখনকৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিবলৈ লোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছে বৰহোলা আঞ্চলিক ছাত্র সন্থা। আজি সংগঠনটোৱে শিলডুবিস্থিত অ’ এন জি চিৰ জি জি এছৰ সন্মুখত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধীতা কৰে। যোৰহাট জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, তিতাবৰ মহকুমা ছাত্র সন্থাৰ সভাপতি মাধুৰ্য পাঠক, সম্পাদক দিগন্ত বৰা, বৰহোলা আঞ্চলিকৰ উপদেষ্টা মানৱ সোণোৱাল, বিপ্লৱ সোণোৱাল, সভাপতি ভাস্কৰ নেওগ, সাধাৰণ সস্পাদক প্ৰদীপ বৰুৱা আদিৰ নেতৃত্বত আছুৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মীয়ে লকডাউনৰ সকলো নীতি নিৰ্দেশনা আৰু সামাজিক ব্যৱধান মানি হাতে হাতে প্লে’ কাৰ্ড লৈ বিজেপি চৰকাৰ হুচিয়াৰ, ৰাজ্য চৰকাৰ হায় হায়, তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি শ্ল’গানেৰে জি জি এছৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰি সাব্যস্ত কৰে। প্ৰতিবাদস্থলীৰ পৰাই ‘আছু’ৰ নেতৃত্বই তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনাৱাৰ লগতে অসম আৰু অসম আৰাকানৰ বেচিন মেনেজাৰৰ যোগেদি অ’ এন জি চিৰ চিফ মেনেজিং ডাইৰেক্টলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।