নিয়মীয়া বাৰ্তা ৩০ মেঃ মানুহৰ চৰম বিশৃংখলতাৰ বাবে প্ৰকৃতি দিনক দিনে ধ্বংসলৈ গতি কৰিছে ৷ মানুহৰ চৰম অমানৱীয়তাই জীৱ-জন্তুকে ধৰি সৰ্বদিশত ভাবুকি কঢ়িয়াই অনাৰ পৰিণিতিতেই সময়ে-সময়ে খেয়ালী ৰূপ ধাৰণ কৰে ৷ নামি আহে বিভিন্ন বেমাৰ আজাৰ ৷ এনে অৱস্থাত প্ৰকৃতি ৰক্ষাৰে প্ৰাকৃতিক ভাৰসাম্য অটুত ৰখাৰ লক্ষ্যৰে কোৱাৰেন্টাইন কেন্দ্ৰ এটাৰ পৰা ঘৰলৈ যাব দিয়া লোকৰ দ্বাৰা গছপুলি ৰোপণ কৰাই এনে শিক্ষাকে দিলে বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত ৷ প্ৰাপ্ত বাতৰিমতে, জিলাখন সৃজনগ্ৰাম অঞ্চলৰ সোনাখুলি মধ্য ইংৰাজী বিদ্যালয়ত বহিঃৰাজ্যৰ লগতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা গৃহাভিমুখী ১৮ জন লোক বিদ্যালয়খনৰ কোৱাৰেন্টাইন কেন্দ্ৰত ৰখাৰ ব্যৱস্থা কৰা হৈছিল ৷ চক্ৰভৌম গাঁও পঞ্চায়তৰ দহেলাপাৰা,সোনাখুলী আৰু ভাছাখুটাৰ ১৮ জন ব্যক্তি বহিঃ ৰাজ্য আৰু ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা গৃহাভিমুখী হোৱাৰ পাচত লোক কেইজনক বিদ্যালয়খনত প্ৰশাসনৰ নিৰ্দেশ মৰ্মে কোৱাৰেন্টাইন কেন্দ্ৰ পৰিচালনা সমিতিয়ে ১৪ দিনৰ বাবে কোৱাৰেন্টাইনত ৰখাৰ পাচত আজি প্ৰশাসনে কেন্দ্ৰৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়ে ৷ উত্তৰ শালমাৰা মহকুমা প্ৰশাসন নিৰ্দেশত কোৱাৰেন্টাইন কেন্দ্ৰ পৰিচালনা সমিতি, স্বাস্থ্য বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত আজি কেন্দ্ৰটোৰ পৰা ঘৰলৈ যোৱা লোক সকলে কেন্দ্ৰ চৌহদত একো জোপাকৈ গছপুলি ৰোপণ কৰে ৷ ১৪ দিন কোৱাৰেন্টাইনত থকা এই লোক সকলোৰ মাজত মহকুমা প্ৰশাসনে এসপ্তাহৰ বাবে চাউল, দাইল,চেনি, চাবোন,মিঠাতেলকে ধৰি একো-একোটা খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়ায় ৷