নিয়মীয়া বাৰ্তা,৩০ মেঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কলহী নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে ছয়গাঁৱৰ বিভিন্ন অঞ্চলত কলহী নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ নিৰ্মাণ কৰা জিঅ’ বেগৰ বান্ধ ঠায়ে ঠায়ে ভাঙি কলহী নদীত যাহ যোৱাৰ উপৰিও কিছু নতুন ঠাইতো গৰাখহনীয়া সৃষ্টি হোৱা পৰলক্ষিত হৈছে । বান্ধৰ কাম অতি নিম্নমানৰ হোৱাৰ ফলত বছৰটোৰ প্ৰথমটো বানতে বান্ধসমূহ ভাঙি যায় । যাৰ ফলত জনসাধাৰণ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । এই বিষয়টো গুৰুত্ব সহকাৰে লৈ অতিশীঘ্ৰে কলহী নৈৰ গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণক কৃতাৰ্থ কৰাৰ বাবে আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক ভৱেশ দাস ছয়গাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উপম দাস আৰু সাধাৰণ সম্পাদক শচীন দাসৰ নেতৃত্বত ছয়গাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ এটি ১০ জনীয়া দলে কলহি নৈৰ গৰখহনীয়া অতি শীঘ্ৰে ৰোধ কৰাৰ দাবীত ছয়গাওঁ ৰাজহ চক্ৰ বিষয়া ডঃ প্ৰীতিলেখা ডেকাৰ জৰিয়তে কামৰূপ জিলাৰ উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।