নিয়মীয়া বাৰ্তা ৩০ মেঃ সাম্প্ৰতিক সময়ত পৰমাণু বোমাতকৈয়ো সমগ্ৰ বিশ্বজুৰি ভয়ংকৰ সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছক কেন্দ্ৰ কৰি ৰাজ্যত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চুকে-কোণে তীক্ষ্ণদৃষ্টি ৰাখি মৰণ-পণ যুঁজ দি থকাৰ পিছতো দুৰ্ভাগ্যজনকভাৱে মহানগৰীৰ মহেন্দ্ৰমোহন চৌধুৰী হাস্পতালৰ এগৰাকী জ্যেষ্ঠ লেৱৰেটৰী টেকনিচিয়ানৰ দেহলৈ ক’ভিড-১৯ সংক্ৰমিত হোৱা ভয়ানক উদ্বেগজনক ঘটনাৰ সন্তোষজনক সামৰণি ঘটাৰ সম্ভৱনা বিৰাজমান হৈছে । ক’ৰোনাক প্ৰতিহিত কৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই চুকে-কোণে সোমাই ল’বলগীয়া ব্যৱস্থাসমূহৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰতিনিয়ত সক্ৰিয় হৈ থকাৰ পিছতো
ৰাজ্যজুৰি প্ৰবল আলোড়ন সৃষ্টিকাৰী “সৰিয়হৰ ডুলিতে ভূত”ৰ দৰে এই হাস্পতালৰ জ্যেষ্ঠ লেৱৰেটৰী টেকনিচিয়ান তিলক ডেকাৰ দেহত কভিড-১৯ পজিটিভ পোৱা আৰু তেওঁ দুৰ্ভাগ্যজনকভাৱে আক্ৰান্ত হৈ থকাৰ সময়তো কৰ্তব্যত নিয়োজিত হৈ থাকিবলগীয়া হৈছিল । উল্লেখ্য যোৱা ২০ মে’ত দেহত লেৱৰেটৰী টেকনিচিয়ান তিলক ডেকাৰ দেহত কভিড-১৯ পজিটিভ ফলাফল ওলাইছিল । ইয়াৰ পিছত ২১ মে’ত তেওঁক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত কোৱাৰেণ্টাইন কৰা হয় আৰু ক’ৰোনা যুঁজ আৰম্ভ হোৱাৰে ধাৰাবাহিকভাৱে কৰ্তব্য পালন কৰি অহা ডেকাই একেৰাহে ৪ দিন ৫ নিশা পৰ্যন্ত সেৱা আগবঢ়াইছিল । কোৱাৰেণ্টাইন অৱস্থাত ২৪ মে’ আৰু ২৫ মে’ত তেওঁৰ পৰা শ্বোৱাব সংগ্ৰহ কৰা হয়।২৬ মে’ৰ সন্ধিয়ালৈ প্ৰকাশ কৰা এই দুয়োটা পৰীক্ষাৰ ফলাফল কভিড-১৯ নিগেটিভ ওলায় ।
আনহাতে ২৭ মে’ত তেওঁৰ দেহৰ পৰা শ্বোৱাব সংগ্ৰহ কৰা হয় আৰু ফলাফল কালি সন্ধিয়ালৈ নিগেটিভ ওলায় । এই সময়ত তেওঁক আছুতীয়াকৈ ৰাখি যাৱতীয় আটাইখিনি পদক্ষেপ লোৱাৰ লগতে
হাস্পতালৰ অধীক্ষক গৰাকীয়ে সঘনাই তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ কথা ডেকাৰ পৰা জানিব পৰা গৈছে ।আনহাতে লেৱৰেটৰী টেকনিচিয়ান তিলক ডেকাৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতে হাহাকাৰ লাগিছিল তেওঁ বাস কৰা নুনমাটিৰ গোপাল নগৰত । লগে লগে অঞ্চলটো কণ্টাইনমেণ্ট কৰাৰ লগতে তেওঁৰ পত্নী নিশাৰাণী কলিতা,দুই কন্যা প্ৰিয়ংকা ডেকা আৰু চয়নিকা ডেকাসহ গোপালনগৰৰ ৩০ গৰাকীলোকৰ শ্বোৱাব সংগ্ৰহ কৰা হৈছিল । কালি সন্ধিয়া ইয়াৰ পৰীক্ষাৰ ফলাফল সমূহ প্ৰকাশ কৰা হয় । ডেকাৰ পত্নী ,দুই কন্যাসহ গোপালনগৰৰ আটাইকেইজনৰে ফলাফল ক’ভিড-১৯ নিগেটিভ ওলায় । তিলক ডেকাৰ তৃতীয়টো পৰীক্ষাও ক’ভিড-১৯ নিগেটিভ ওলোৱাত তেওঁক নিশা হাস্পতালখনৰ ডিচাৰ্জ দি বিভাগীয়ভাৱে গোপাল নগৰৰ ঘৰলৈ লৈ গৈ ৭ দিন কোৱাৰেণ্টাইন হৈ থাকিবলৈ আৰু ইয়াৰ অন্তত পুণৰ কৰ্মত যোগদান কৰিবলৈ নিৰ্দেশ দিয়া হয় । এইক্ষেত্ৰত বিভাগীয়ভাৱে কোৱাৰেণ্টাইন হোৱাৰ পূৰ্বৰে পৰা টেকনিচিয়ান গৰাকীয়ে সম্পূৰ্ণ নীত-নিয়মৰে চলাচল কৰি আছিল বাবেই তেওঁৰ দেহৰ পৰা আনলোকলৈ ক’ভিড-১৯ সংক্ৰমিত হব নোৱাৰিলে বুলি গোপালনগৰৰ বিভিন্নজনে মত প্ৰকাশ কৰিছে ।
ইপিনে ডেকাৰ পৰিয়ালটো গৃহবন্দী হৈ থকা এই সময়ত বাইহাটা চাৰিআলিৰ এ আৰ ফুৱেল ইনৰ গৰাকী অমৃত ডেকা আৰু প্ৰতিবেশীসকলেও যৎপৰোনাস্তি মা-মছলাৰ পৰা প্ৰয়োজনীয় আটাইখিনি খাদ্য-সামগ্ৰী যোগান ধৰি অহা বুলি নিশাৰাণী কলিতাৰ পৰা জানিব পৰা গৈছে । লগতে নিশাৰাণী কলিতাই স্বাস্থ্য মন্ত্ৰী ড০ শৰ্মাৰ ভূমিকাক লৈ প্ৰশংসাত গদ-গদ হৈ পৰে। উল্লেখ্য আক্ৰান্ত টেকনিচিয়ান তিলক ডেকাই হাস্পতালৰ অধীক্ষক গৰাকীৰ শলাগ ল’লেও স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাৰ মৰণ-পণ তৎপৰতাৰ পিছতো ইয়াত এনে এক অঘটন সংঘটিত হোৱা ঘটনাক বহুজনে সহজ হব পৰা নাই ।