ঘনিষ্ঠ বন্ধু ক্লার্কৰ প্রাক্তন পত্নীৰ ওচৰ চাপিছে ৱার্ন
নিয়মীয়া বার্তা, ৩১ মে’: শ্বেন ৱার্ন আৰু বিতর্ক এটা মুদ্রাৰ যেন ইপিঠি–সিপিঠি৷ সততে বিতর্কৰ মাজত সোমাই পৰা অষ্ট্রেলিয়া ক্রিকেট দলৰ প্রাক্তন তাৰকা স্পিনাৰ শ্বেন ৱার্নৰ বিৰুদ্ধে পুনৰ এক অভিযোগ উত্থাপন হৈছে৷
অভিযোগটো হ’ল প্রাক্তন স্পিনাৰগৰাকীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধু মাইক্লেল ক্লার্কৰ প্রাক্তন পত্নীৰ ওচৰ চাপিছে৷ অষ্ট্রেলিয়া ক্রিকেট দলটোৰ প্রাক্তন অধিনায়ক মাইকেল ক্লার্কৰ কিছুদিন পূর্বে পত্নী কায়লি বল্ডিৰে বিবাহ বিচ্ছেদ ঘটে৷ ২০১২ চনত অষ্ট্রেলিয়াৰ মডেল, অভিনেত্রী তথা টিভি প্রজেক্টটেটৰ বল্ডিৰে বিবাহপাশত আবদ্ধ হৈছিল মাইকেল ক্লার্ক৷ দুয়োৰে এটি চাৰি বছৰীয়া সন্তানো আছে৷ কিন্তু মাইকেল ক্লার্কৰ তেওঁৰ ব্যক্তিগত সহায়িকাৰ সৈতে সম্বন্ধৰ কথা পোহৰলৈ অহাৰ পাছতেই মাইকেল ক্লার্ক আৰু কায়লি বল্ডিৰ মাজত বিবাহ বিচ্ছেদ ঘটে৷
ইয়াৰ সুযোগ গ্রহণ কৰি শ্বেন ৱার্নে কায়লি বল্ডিৰে সম্পর্ক গঢ়াৰ এক অভিযোগ পোহৰলৈ আহিছে৷ সততে যুৱতী অথবা মহিলাৰ সৈতে সম্পর্ক গঢ়ি বিতর্কৰ মাজত সোমাই পৰা শ্বেন ৱার্নে ঘনিষ্ঠ বন্ধুক বিশ্বাসঘাতকতা কৰি তেওঁৰ প্রাক্তন পত্নীৰ সৈতে সম্পর্ক গঢ়ি তোলাৰ চেষ্টা কৰাৰ ঘটনাই পুনৰ বিশ্ব ক্রিকেটত চর্চাৰ বিষয় হৈ পৰিছে৷