নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ’বৰ্ছৰ ১০০জনীয়া তালিকাত একমাত্র ভাৰতীয় খেলুৱৈ কোহলি: শীর্ষ স্থান হেৰুৱালে মেছিয়ে

নিয়মীয়া বার্তা, ৩১ মে’: আর্জেণ্টিনা তথা বার্চিলোনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিক আঁতৰাই বিশ্বৰ সর্বাধিক উপার্জনকাৰী এথলীট হিচাপে পৰিগণিত হ’ল ছুইজাৰলেণ্ডৰ কিংবদন্তি টেনিছ খেলুৱৈ ৰজাৰ ফেডেৰাৰ৷ বিখ্যাত আলোচনী ফ’বছে শুকুৰবাৰে প্রকাশ কৰা বিশ্বৰ সর্বাধিক উপার্জনকাৰী এথলীটৰ তালিকাখনত ২০টাকৈ গ্রেণ্ডশ্লামৰ অধিকাৰী ৰ’জাৰ ফেডেৰাৰে বিগত বর্ষত ১০৬.৩ মিলিয়ন ডলাৰ উপার্জন কৰি শীর্ষ স্থানটো দখল কৰিবলৈ সক্ষম হয়৷

কিংবদন্তি টেনিছ খেলুৱৈগৰাকীয়ে বিজ্ঞাপনটোৰ জৰিয়তে ১০০ মিলিয়ন ডলাৰ উপার্জন কৰে আৰু তেওঁ চাৰিটাকৈ স্থান আগুৱাই আর্জেণ্টিনাৰ তাৰকা ফুটবলাৰ মেছিক আঁতৰাই শীর্ষ স্থানটো অধিকাৰ কৰে৷ উল্লেখ্য যে ৰ’জাৰ ফেডেৰাৰ হ’ল ফ’বছৰ সর্বাধিক উপার্জনকাৰী এথলীটৰ তালিকাত শীর্ষ স্থান লাভ কৰা প্রথমগৰাকী টেনিছ খেলুৱৈ৷ ইফালে, বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰ মেছিয়ে তৃতীয় স্থানলৈ অৱনমিত হয়৷ বর্তমান লিঅ’নেল মেছিৰ উপার্জন হ’ল ১০৪ মিলিয়ন ডলাৰ৷ ইফালে, তালিকাখনৰ দ্বিতীয় স্থানত আছে জুভেণ্টাছ তথা পর্তুগালৰ তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো৷

ৰ’নাল্ডোৱে ১০৫ মিলিয়ন ডলাৰ উপার্জন কৰিবলৈ সক্ষম হয়৷ আনহাতে, ব্রাজিল তথা পেৰিছ ছেইণ্ট জার্মেইনৰ তাৰকা ফুটবলাৰ নেইমাৰে ৯৫.৫ মিলিয়ন ডলাৰ উপার্জন কৰি ফ’বছৰ তালিকাখনত চতুর্থ স্থানটো অধিকাৰ কৰে৷ ৮৮.২ মিলিয়ন ডলাৰ উপার্জন কৰি ল’ছ এঞ্জেলছ লেকার্ছৰ বাস্কেটবল খেলুৱৈ লেব’ন জেমছে পঞ্চন স্থান, গ’ল্ডেন ষ্টেট ৱাৰিয়র্ছৰ বাস্কেটবল খেলুৱৈ ষ্টিফেন কাৰীয়ে ৭৪.৪ মিলিয়ন ডলাৰ উপার্জন কৰি ষষ্ঠ স্থান, ব্রুকলিন নেটছৰ তাৰকা বাস্কেটবল খেলুলৈ কেভিন ডুৰাণ্টে ৬৩.৯ মিলিয়নেৰে সপ্তম আৰু ৬২.৩ মিলিয়নেৰে তাৰকা গ’ল্ফ খেলুৱৈ টাইগাৰ উডছে অষ্টম স্থানটো লাভ কৰে৷

ইফালে, ক্রমাগত দ্বিতীয় বছৰৰ বাবে ফ’বর্ছৰ শীর্ষ ১০০গৰাকী এথলীটৰ উপার্জনকাৰীৰ তালিকাত একমাত্র ভাৰতীয় খেলুৱৈ হিচাপে স্থান লাভ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ বিগত বর্ষত ১০০সংখ্যক স্থান থকা বিৰাট কোহলিয়ে এইবাৰ ৬৬সংখ্যক স্থানলৈ উন্নীত হৈছে৷ বিগত বাৰ মাহত টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে ২৬ মিলিয়ন ডলাৰ উপার্জন কৰে৷ ইয়াৰে ভিতৰত মাত্র ২ মিলিয়ন ডলাৰ কোহলিয়ে পাৰিশ্রমিক হিচাপে লাভ কৰে৷ বাকী ২৪ মিলিয়ন ডলাৰ ভিন্ন ভিন্ন কোম্পানীৰ বিজ্ঞাপনৰ জৰিয়তে আহৰণ কৰিবলৈ সক্ষম হয়৷ আনহাতে, মহিলা খেলুৱৈ হিচাপে জাপানৰ তাৰকা টেনিছ খেলুৱৈ নাওমি অ’ছাকাই সর্বাধিক উপার্জন কৰা খেলুৱৈ হিচাপে চিহ্ণিত হয়৷

নাওমি অ’ছাকাই ৩৭.৪ মিলিয়ন ডলাৰ উপার্জন কৰি ২৯সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে আমেৰিকাৰ প্রবীণ টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছে ৩৬ মিলিয়ন ডলাৰ উপার্জন কৰি ৩৩সংখ্যক স্থানটো অধিকাৰ কৰে৷ উল্লেখ্য যে ফ’বছৰ সর্বাধিক উপার্জনকাৰী এথলীটৰ তালিকাখনত ৩৫গৰাকী বাস্কেটবল খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়৷

You might also like