নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা পুনৰ চলিব জনশতাব্দী ব্রহ্মপুত্র মেইল

নিয়মীয়া বার্তা, ৩১ মে’: ভাৰতীয় ৰে’লৱেই অহা ১ জুনৰ পৰা দেশত ২০০খন মেইল আৰু এক্সপ্রেছ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ক’ৰোনা ভাইৰাছ সংক্রমণ প্রতিৰোধকল্পে যোৱা ২৪ মার্চৰ ফৰা বলৱৎ হোৱা লকডাউনৰ পৰিপ্রেক্ষিতত দেশত যাত্রীবাহী ৰে’লৰ চলাচল বন্ধ হৈ আছে৷ অৱশ্যে ইয়াৰ মাজতে বিভিন্ন প্রান্তত আবদ্ধ প্রব্রজিত শ্রমিকসকলৰ সুবিধার্থে চলোৱা হৈছে শ্রমিক বিশেষ ৰে’ল৷ ভাৰতীয় ৰে’লৱেৰ সিদ্ধান্তমর্মে গুৱাহাটী–যোৰহাট জনশতাব্দী আৰু ডিব্রুগড়–গুৱাহাটী–দ্ ব্রহ্মপুত্র মেইলো পুনৰ চলিব৷

এই কথা সদৰী কৰি উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ জনসম্পর্কৰক্ষী বিষয়া নৃপেন ভট্টাচার্যই কয় যে এই ৰে’লকেইখন এক জুনৰ পৰা পুনৰ চলিব৷ জনশতাব্দী ৰে’লখন পূর্বনির্ধাৰিত সময়সূচী অনুসৰি প্রতি সপ্তাহত ছয় দিন চলিব৷ এই ৰে’লখনৰ সেৱা প্রতি দেওবাৰে বন্ধ থাকিব৷ আনহাতে, ব্রহ্মপুত্র মেইলখন ডিব্রুগডৰ পৰা গুৱাহাটী হৈ দিল্লীলৈ প্রতিদিনে চলিব৷ এই ৰে’লখন দিল্লীৰ পৰা গুৱাহাটী হৈ ডিব্রুগডলৈ প্রতিদিনে চলিব৷

আনহাতে, লোকমান্য তিলক এক্সপ্রেছখন গুৱাহাটীৰ পৰা মুম্বাইলৈ আৰু মুম্বাইৰ পৰা গুৱাহাটীলৈ সপ্তাহত দুদিন চলিব৷ ভট্টাচার্যই জানিবলৈ দিয়া মতে, এই ৰে’লকেইখনত বাতানুকূল শ্রেণী, শ্লীপাৰ শ্রেণী আৰু দ্বিতীয় শ্রেণীত যাত্রীসকল যাব পাৰিব৷ কিন্তু এই সন্দর্ভত যাত্রীসকলৰ মাজত সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব৷ এই ৰে’লকেইখনত যাত্রা কৰিব বিচৰা যাত্রীসকলে ৰে’ল ষ্টেচনৰ টিকট কাউণ্টাৰৰ উপৰি আই আৰ চি টি চিৰ জৰিয়তেও টিকট সংগ্রহ কৰিব পাৰিব৷

ভট্টাচার্যই আৰু কয় যে ক’ভিড–১৯ৰ সংক্রমণ অব্যাহত থকাৰ পৰিপ্রেক্ষিতত ৬৫ৰ ঊর্ধ্বৰ লোক আৰু দহ বছৰৰ তলৰ শিশুৰ উপৰি দুৰাৰোগ্য ৰোগত আক্রান্ত ৰোগী, হূদৰোগীসকলে পৰাপক্ষত অতি জৰুৰী নহ’লে ৰে’লৰে ভ্রমণ নকৰাই মংগল৷ অৱশ্যে ৰাইজ নিজেই সজাগ আৰু সতর্ক হৈ থকাটো ভাল৷ ইপিনে, বহিঃৰাজ্যৰ পৰা উভতি অহা শ্রমিকসকলক অনা শ্রমিক বিশেষ ৰে’লসমূহত যাত্রীক ৰে’ল বিভাগ আৰু চৰকাৰে খাদ্য তথা পানী বিনামূলীয়াকৈ যোগান ধৰাৰ কথাও প্রকাশ কৰে তেওঁ৷ প্রতিদিনে চলা নতুন দিল্লী–ডিব্রুগড ৰাজধানী এক্সপ্রেছ আৰু সপ্তাহত এদিন চলা দিল্লী–আগৰতলা এ’প্রেছ ৰে’ল দুখনৰ যাত্রা ১২ মে’ৰ পৰা পুনৰ চলি আছে বুলি তেওঁ সদৰী কৰে৷ আনহাতে, ৰে’ল বিভাগৰ এক সূত্রই জনোৱা মতে, নগাঁও জিলাৰ পৰা চলাচল কৰা ৰে’লসমূহৰ যাত্রা আৰম্ভ কৰা–নকৰা সন্দর্ভত উত্তৰ–পূব সীমান্ত ৰে’লৱেই আজি পর্যন্ত কোনো সিদ্ধান্ত লোৱা নাই৷

সূত্রটোৱে জনোৱা মতে, মৈৰাবাৰীৰ পৰা গুৱাহাটীলৈ চলা কলংপাৰ পেছেঞ্জাৰ, শিলঘাটৰ পৰা গুৱাহাটীলৈ চলা শিলঘাট এক্সপ্রেছ আৰু শিলঘাটৰ পৰা ধুবুৰীলৈ চলাচল কৰা ৰাজ্যৰাণী এক্সপ্রেছ ৰে’লকেইখনৰ যাত্রা পুনৰ আৰম্ভ কৰা সন্দর্ভত এতিয়ালৈকে ৰে’লৱে মন্ত্রালয়ৰ পৰা কোনো সেউজ সংকেত লাভ কৰা নাই৷

You might also like