নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰা–ৰংজুলিত বস্তাই বস্তাই পিডিএছৰ চাউল জব্দ

নিয়মীয়া বার্তা, ৩১ মে’: বিলাসীপাৰা আৰক্ষী থানাৰ অন্তর্গত বাবুৰহাটত যোৱানিশা মহকুমাধিপতিয়ে চলায় এক অভিযান৷ অভিযানত গৌৰাং নৈত যন্ত্রচালিত এখন নাওসহ ১৮ বস্তা চোৰাং চাউল জব্দ কৰে৷ লগতে নাওচালকক আটক কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে জব্দকৃত চাউলসমূহ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিনামূলীয়া চাউল৷ তলাবন্ধৰ সময়ছোৱাত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে দৰিদ্র শ্রমজীৱী লোকসকলে৷ যাৰ বাবে চৰকাৰে সমবায় সমিতিৰ জৰিয়তে প্রতিগৰাকী লোকৰ মাজত প্রদান কৰিছে বিনামূলীয়াকৈ পাঁচ কিলোগ্রামকৈ চাউল৷ কিন্তু এনে দুর্দিনতো দৰিদ্র লোকৰ বিনামূলীয়া চাউল একাংশ চোৰাং বেপাৰীয়ে সমবায় সমিতিৰ ডীলাৰৰ সহযোগত বিক্রী কৰি আহিছে ক’লা বজাৰত৷ যোৱানিশা তেনে চোৰাং চাউল বাবুৰহাটত যন্ত্রচালিত নাও এখনত বোজাই কৰি থকা তথ্য লাভ কৰে বিলাসীপাৰাৰ মহকুমাধিপতি মৃদুল যাদৱে৷

ইয়াৰ পাছতে মহকুমাধিপতিগৰাকী বিলাসীপাৰা ৰাজহ চক্র বিষয়া কার্তিক কলিতা আৰু বিলাসীপাৰা আৰক্ষী থানাৰ আৰক্ষীৰ দলসহ উপস্থিত হয় বাবুৰহাটৰ সমীপৱর্তী গৌৰাং নৈত৷ অভিযানকাৰী দলৰ উপস্থিতিৰ উমান পাই চোৰাং চাউলৰ বেপাৰী তথা সাধুভাষা গাঁৱৰ বাসিন্দা হজৰত আলী আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়৷ চাউলৰ বেপাৰী হজৰত আলী পলাই যায় যদিও নাওখনৰ চালক আবু বক্কৰ ছিদ্দিকক আটক কৰাৰ লগতে চোৰাং চাউল ১৮ বস্তা আৰু নাওখন জব্দ কৰে আৰক্ষীয়ে৷

You might also like