নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বাৰকুছিত অধিক মূল্য বিক্রী গেছ ছিলিণ্ডাৰ

নিয়মীয়া বার্তা, ১ জুনঃ  ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে হওক কিম্বা অইন মন্ত্রীয়ে হওক বিভিন্ন সভা–সমিতিয়ে ৰাজ্যত শূন্য সহনশীলতাৰে নির্মূল কৰা বুলি যিমানে ভাষণৰ ফুলজাৰি নিদিয়ক কিয় এইখন ৰাজ্যতে একাংশ ব্যৱসায়ী, কর্মচাৰী, ঠিকাদাৰে চৰকাৰৰ কঠোৰ নিয়ম–নীতি তথা আইনক কেৰেপ নকৰি বুঢ়া আঙুলি দেখুৱাই এতিয়াও দুর্নীতিৰে গঢ়ি গৈছে আকাশলংঘী সা–সম্পত্তি৷ পুনৰ তেনে এক ঘটনা পোহৰলৈ আহিছে বাগ্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তর্গত দ্বাৰকুছিস্থিত সুৰেন্দ্র গেছ এজেঞ্চীৰ স্বত্বাধিকাৰীয়ে ৰাইজক গেছ যোগান ধৰাৰ নামত কৰা বৃহৎ দুর্নীতিৰ ঘটনা৷

জানিব পৰা মতে, সমগ্র বিশ্বৰ লগতে দেশত দেখা দিয়া মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ যোৱা ২৪ মার্চৰ পৰা চাৰিটা পর্যায়ত প্রধানমন্ত্রীয়ে দেশজুৰি লকডাউন ঘোষণা কৰাৰ সময়ছোৱাত জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে প্রধানমন্ত্রী উজ্জ্বলা এল পি জি আঁচনিৰ গ্রাহকসকলক প্রথম পর্যায়ৰ লকডাউনত নিজৰ নিজৰ পাছবুুকত ৭৭৩.৫০ টকা, দ্বিতীয় পর্যায়ৰ লকডাউনত ৫৭৩.৫০ টকা জমা হয়৷ গ্রাহকৰ অভিযোগ অনুসৰি সুৰেন্দ্র গেছ এজেঞ্চীৰ স্বত্বাধিকাৰী তপন লহকৰে বাগ্সা জিলা গোৰেশ্বৰৰ একাংশ অনুজ্ঞা পত্রবিহীন এজেঞ্চীৰ জৰিয়তে প্রধান মন্ত্রী উজ্জ্বলা এল পি জি আঁচনিৰ গ্রাহকসকলে যেতিয়া চিলিণ্ডাৰ আনিবলৈ যায় তেতিয়া এজন গ্রাহকৰ পৰা প্রথম পর্যায়ৰ ৭৭৩. ৫০ টকা জমা হোৱাৰ বিপৰীতে ৯০০/ ৯৫০/ ১০০০/ ১১০০ টকা আৰু দ্বিতীয় পর্যায়ত জমা হোৱা ৫৭৩.৫০ টকাৰ বিপৰীতে ৭০০ৰ পৰা ৭৩০ টকা লয় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বহু গ্রাহকে৷ নাম প্রকাশত অনিচ্ছুক গোৰেশ্বৰৰ এজন এজেণ্টৰ সম্পর্কীয় ভাগিনীয়েকৰ পৰাও আনকি অতিৰিক্তভাৱে ধন ল’বলৈ কুণ্ঠাবোধ নকৰিলে৷

আনপিনে লকডাউনৰ সুৱর্ণ সুযোগ গ্রহণ কৰি তপন লহকৰৰ একাংশ এজেঞ্চীয়ে নাওকাটা, মহৰিপাৰা, গোৰেশ্বৰ, গেৰুৱা, কাউৰবাহা, মুকুন্দপুৰ, গান্ধীবাৰী আদি ঠাইৰ কেইবাশ গ্রাহকক ৰামঠগন দি দুখীয়া ৰাইজৰ তেজ শুহি খোৱা বুলিও অভিযোগ উত্থাপিত হৈছে৷ ইতিমধ্যে প্রধানমন্ত্রী উজ্জ্বলা এল পি জি আঁচনিৰ গ্রাহকক ৰামঠগন দি দুর্নীতি কৰি ধন ঘটা কথা উমান পাই অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, বাগ্সা জিলা সমিতিৰ সভাপতি ৱাহেদৰ ৰহমান, সদৌ অসম গৰিয়া–মৰিয়া–দেশী জাতীয় পৰিষদ, কেন্দ্রীয় সমিতিৰ বিত্ত সম্পাদক জালালুদ্দিন আহমেদ, বাগ্সা জিলা আক্রাছুৰ প্রচাৰ সম্পাদক শংকৰ ৰাজবংশী, গোৰেশ্বৰ আঞ্চলিক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি ৰাজু আলী, সম্পাদক মোজামিল আলীয়ে অলপতে সংগঠনৰ পেডত তামুলপুৰ মহকুমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষক নিৰঞ্জন কলিতাৰ হাতত পৃথককৈ স্মাৰক–পত্র প্রদান কৰে যদিও অধীক্ষকগৰাকীয়ে সুৰেন্দ্র গেছ এজেঞ্চীৰ স্বত্বাধিকাৰী তপন লহকৰৰ ওপৰত এতিয়ালৈ কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা নাই বুলি ছাত্র নেতাকেইজনে জানিবলৈ দিয়ে৷ পৰিতাপৰ বিষয় যে অধীক্ষক নিৰঞ্জন কলিতাই এই বিষয়ত দায়সৰা মন্তব্য দিয়াৰ লগতে কলিতাই লুণ্ঠনকাৰী গেছ এজেঞ্চীৰ স্বত্বাধিকাৰীৰ লগত গোপন বুজাবুজি কৰাৰ উপৰি একাংশ সমবায় সমিতিৰ বিষয়ববীয়াৰ লগতো মিতিৰালি কৰি তেওঁলোকক ৰক্ষণাবেক্ষণ দি নিজৰ অবৈধ সম্পত্তিৰ পাহাৰ গঢ়া বুলি ছাত্র সংগঠনৰ নেতাকেইজনে বিস্ফোৰক মন্তব্য কৰে৷

স্মাৰক পত্র তথা সংবাদ মাধ্যমলৈ পৃথকে প্রেৰণ কৰা লিখিত অভিযোগত উল্লেখ কৰি আৰু কয় যে উজ্জ্বলা আঁচনিৰ এল পি জিৰ সংযোগ সম্পূর্ণ বিনামূলীয়া হোৱাৰ পিছতো সুৰেন্দ্র গেছ এজেঞ্চীৰ মালিক তপন লহকৰে পাবত গজা অনুজ্ঞাপত্রবিহীন ভুৱা এজেঞ্চীৰ জৰিয়তে অনৈতিকভাৱে জনসাধাৰণৰ পৰা অতিৰিক্তভাৱে টকা লোৱাৰ অধিকাৰ ক’ত পালে বুলি প্রশ্ণ কৰাৰ উপৰি ইয়াৰ উদাহৰণ তেওঁলোকৰ হাতত বহু মজুত আছে বুলি কয়৷ কথাইপতি ছাত্র সংগঠন কৰা বুলি জাহিৰ কৰি ফুৰা গেছ এজেঞ্চীটোৰ স্বত্বাধিকাৰী তপন লহকৰে উজ্জ্বলা আঁচনিৰ সংযোগ কৰি দিম বুলি বহু গ্রাহকৰ পৰা উপযুক্ত নথিপত্র জমা লৈও আজিলৈ সংযোগ নিদিয়া কর্মকাণ্ডক বিভিন্ন দল–সংগঠনৰ লগতে সর্বস্তৰৰ ৰাইজে ধিক্কাৰ জনাইছে৷

প্রাপ্ত তথ্য মতে, ৰাইজক ঘৰে ঘৰে বিনামূলীয়া গেছ যোগান ধৰাৰ নামত চৰকাৰে প্রতিটো চিলিণ্ডাৰৰ বিপৰীতে এজেঞ্চীক ৩০ টকা কমিছন দিয়াৰ পিছতো নির্ধাৰিত মূল্যতকৈ নীতি বহির্ভূতভাৱে ১২০/১৫০ টকাকৈ লৈ ৰাইজক মাধামাৰ শোধা কার্যৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে বাগ্সা জিলাৰ উপায়ুক্ত, জিলাৰ আই ও চি বিষয়া, নডেল অফিচাৰ আৰু বিভাগীয় বিষয়াক তৎকালীনভাৱে ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে উল্লেখিত ছাত্র সংগঠনটোৰ নেতৃবৃন্দই৷

You might also like