নিয়মীয়া বার্তা, ১ জুনঃ চতুর্থ পর্যায়ৰ লকডাউনৰ অন্তিম দিনা মে’ মাহৰ অন্তিম দেওবাৰে জনপ্রিয় ৰেডি’ অনুষ্ঠান ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে দেশবাসীৰ যুঁজৰ সমান্তৰালকৈ এই লকডাউনৰ সময়ছোৱাত প্রব্রজিত শ্রমিকৰ পৰা বিভিন্ন স্তৰৰ লোকে সন্মুখীন হোৱা সমস্যা সমাধানৰ সকলো পদক্ষেপ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ এই লকডাউনৰ সময়ছোৱাত স্থানীয় লোকৰ উদ্ভাৱিত সা–সামগ্রীক ভূয়সী প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে স্থানীয় উৎপাদিত সা–সামগ্রীক লৈ জনতা অধিক সজাগ হৈছে বুলিও কয়৷
উত্তৰ–পূবৰ ৰাজ্য অসমৰ বাঁহ–বেতৰ প্রসংগ উল্লেখ কৰাৰ লগতে প্রধানমন্ত্রী মোদীয়ে আগৰতলাৰ এজন সাধাৰণ লোকে লকডাউনৰ সময়ত কিদৰে সমাজক আগবঢ়াই নিয়াৰ বাবে কাম কৰিলে, তাকো উল্লেখ কৰে৷ অসমৰ সুদীপ নামৰ লোক এজনে তেওঁলৈ পত্র লিখি স্থানীয় মহিলাই উৎপাদন কৰা বাঁহ সামগ্রীৰ বিষয়ে অৱগত কৰাৰ প্রসংগ উত্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে অসমৰ বাঁহ–বেতৰ সামগ্রীক গোলকীকৰণৰ প্রয়াস চলোৱা সুদীপক শলাগ লয়৷ ইপিনে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দীঘলীয়া হ’ব বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশবাসীয়ে ক’ভিড–১৯ৰ বিৰুদ্ধে অধিক সতর্ক হ’ব লাগিব৷ মাস্ক পৰিধান কৰাৰ লগতে দুই গজ দূৰত্বৰ সামাজিক ব্যৱধান সতর্কতাৰে মানি চলিব লাগিব৷ অদৃশ্য মহামাৰী ভাইৰাছ ক’ৰোনাৰ বিৰুদ্ধে যুঁজত অগ্রণী ভূমিকা লোৱা স্বাস্থ্যকর্মী, আৰক্ষী, চাফাইকর্মী, সংবাদ মাধ্যমৰ লোককে ধৰি অত্যাৱশ্যকীয় সামগ্রীত জড়িত লোকসকলক প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতৰ লেখীয়া বৃহৎ জনসংখ্যাৰ দেশখনৰ বাবে ক’ভিড–১৯ বৃহৎ প্রত্যাহ্বান৷ এই মহামাৰী ভাইৰাছৰ বিপদ এতিয়াও শেষ হৈ যোৱা নাই৷ গতিকে একেই সামাজিক দূৰত্বৰ নির্দেশনা মানি চলিব লাগিব৷
প্রতিগৰাকীয়ে ক’ভিড–১৯ যুঁজত ভূমিকা লোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সেৱা শক্তি দৃশ্যমান হৈছে৷ বিভিন্ন প্রত্যাহ্বানৰ মাজেদিয়েই দেশখনে এই যুঁজৰ সৈতে মোকামিলা কৰিবলৈ সক্ষম হৈছে৷ বিশ্বৰ আন আন শক্তিশালী দেশসমূহৰ তুলনাত বৃহৎ জনসংখ্যাৰ দেশখনত সংক্রমণৰ মাত্রা, মৃতকৰ হাৰ নিম্নতম বুলি উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে৷ মহামাৰী ভাইৰাছটোৰ সংকটত দেশৰ কোনো লোকে প্রভাৱৰ পৰা মুক্ত নহয় বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দৰিদ্র আৰু শ্রমিক শ্রেণীৰ লোক অধিক প্রভাৱান্বিত হৈছে৷ তেওঁলোকৰ বেদনা, তেওঁলোকৰ যন্ত্রণা শব্দৰে প্রকাশ কৰিব নোৱাৰি৷ ৰে’ল আৰু বাছেৰে কেইবালাখ শ্রমিকক নিজ নিজ গৃহলৈ নিৰাপদে স্থানান্তৰিত কৰাৰ লগতে প্রতিখন জিলাৰ কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোকৰ বাবে খাদ্য যোগান ধৰাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰা হয়৷
ইপিনে প্রব্রজিত শ্রমিকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে শীঘ্রেই প্রব্রজন আয়োগ গঠন কৰিব বুলিও ঘোষণা কৰে প্রধানমন্ত্রী মোদীয়ে৷ লকডাউনৰ সময়তে ঘোষিত আত্মনির্ভৰ ভাৰত অভিযান আৰম্ভ হৈ দশকটোৰ ভিতৰত নতুন শিখৰলৈ ধাৱিত হ’ব বুলি প্রধানমন্ত্রীগৰাকীয়্ নিজেই বিশ্বাস কৰে বুলি কয়৷ ক’ৰোনা সংকট অব্যাহত থকাৰ সময়তে বিশ্বৰ বিভিন্ন নেতাৰ সৈতে তেওঁ বার্তালাপ কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে হলীউডৰ পৰা হায়দৰাবাদলৈ এতিয়া যোগৰ চর্চা হৈছে৷ ভাৰতীয় আয়ুর্বেদিক ঔষধৰ প্রাধান্য বৃদ্ধি পাইছে৷ শ্বাস–প্রশ্বাসজনিত সমস্যাসমূহ আঁতৰ কৰিবলৈ যোগৰ গুৰুত্ব সন্দর্ভতো বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতে বার্তালাপৰ সময়ত যোগ আৰু আয়ুর্বেদৰ প্রসংগ উত্থাপন হৈছে বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷
তাৎপর্যপূর্ণ যে বিশ্বৰ বৃহত্তম স্বাস্থ্য সেৱা আচনি আয়ুস্মান ভাৰতৰ জৰিয়তে ভাৰতৰ ১ কোটিতকৈ অধিক হিতাধিকাৰী লাভাৱান্বিত হৈছে বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷ কিছুদিন পূর্বে সাগৰীয় কালঘূর্ণী উম্পুনে সংহাৰ চলোৱা পশ্চিমবংগ আৰু ওড়িশা পৰিদর্শন কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে শেহতীয়াভাৱে ভাৰতত পোক–পতংগই কৃষিখণ্ডত প্রচণ্ড প্রভাৱ পেলাইছে৷ ইয়ে কৃষকৰ ফচল ক্ষতিগ্রস্ত কৰিছে৷ কেন্দ্র, ৰাজ্য চৰকাৰ, কৃষি বিভাগ অথবা স্থানীয় প্রশাসনে আধুনিক সম্পদেৰে কৃষকক সহায় কৰি কৃষিখণ্ডক সংকটৰ পৰা মুক্ত কৰিব পাৰিব বুলিও আশা ব্যক্ত কৰে প্রধানমন্ত্রীগৰাকীয়্৷ ইপিনে অহা ৫ দিনত বিশ্ব পৰিৱেশ দিৱসৰ শিৰোনাম জৈৱ–বৈচিত্র্যৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে জল সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব দিয়ে৷ প্রধানমন্ত্রীগৰাকীয়্ দেশৰ প্রতিজন নাগৰিকক বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ আহ্বান জনায়৷ দেশৰ অর্থনীতিৰ অধিকাংশই এতিয়া মুকলি কৰা হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ ক’ভিড–১৯ৰ বিৰুদ্ধে দেশৰ জনতাই চলোৱা যুঁজ অধিক সতর্কতামূলক হ’ব লাগিব৷ পূর্বতকৈ অধিক সজাগ হ’ব লাগিব৷ সামাজিক দূৰত্বক অধিক মানি চলিব লাগিব৷