নিয়মীয়া বার্তা, ১ জুনঃ আনলক–১ৰ প্রাক্মুহূর্তত ক’ভিড–১৯ আক্রান্তক লৈ উদ্বেগজনক তথ্য৷ দেশত দ্রুতগতিত বৃদ্ধি হৈ আছে মাৰাত্মক ক’ভিড–১৯ৰ সংক্রমণ৷ শনিবাৰে মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যাই প্রথমবাৰৰ বাবে আঠ সহস্রাধিক অতিক্রম কৰি অনাকাংক্ষিত অভিলেখ গঢ়াৰ পাছত দ্রুত সংক্রমণৰ ধাৰা অব্যাহত আছে৷ আজি সন্ধিয়াৰ ভিতৰতে ভাৰতত ক’ৰোনা আক্রান্তৰ সংখ্যাই ক্রমে জার্মানী আৰু ফ্রান্সক অতিক্রম কৰি যায়৷ আক্রান্তৰ সংখ্যাৰে এতিয়া ভাৰত এদিনতে নৱমৰ পৰা সপ্তম স্থান পালেগৈ৷ কালি নিশা ১০.৩০ বজা পর্যন্ত দেশত নতুনকৈ আক্রান্ত হৈছে ৮,৩৩৫জন৷ নতুন আক্রান্তৰ দিশৰ পৰা ৰাছিয়াৰ (নিশা ১০.৩০ বজা পর্যন্ত ৯,২৬৮জন) পাছতে দ্বিতীয় স্থানত আছে ভাৰত৷
আনহাতে দৈনিক মৃত্যুৰ সংখ্যাও ভাৰতত বাঢ়িয়ে আছে৷ ইপিনে দেশৰ সর্বাধিক লোক আক্রান্ত আৰু প্রাণ হেৰুওৱা ৰাজ্য মহাৰাষ্ট্রত আক্রান্তৰ সংখ্যা প্রতিদিনেই বৃদ্ধি হৈ আছে৷ ক’ভিড–১৯ যুঁজৰ অগ্রণী ভূমিকা লোৱা আৰক্ষীৰ লোক মহাৰাষ্ট্রত সর্বাধিক আক্রান্ত হৈছে৷ আজি ৰাজ্যখনত ৯১গৰাকী আৰক্ষীৰ লোক ক’ভিড–১৯ত আক্রান্ত হোৱাত মুঠ আক্রান্ত আৰক্ষীৰ সংখ্যা দুই হাজাৰ অতিক্রম কৰে৷ ইয়াৰে ২৬জন আৰক্ষীৰ লোকে ক’ভিড–১৯ত প্রাণ হেৰুৱাইছে৷ তদুপৰি বর্ধিত আক্রান্তৰ সংখ্যাই ৰাজ্যখনৰ চিকিৎসালয়ত চিকিৎসকৰ অভাৱ ঘটাইছে৷ চিকিৎসক আৰু নার্ছৰ অভাৱৰ পৰিপ্রেক্ষিতত মাথেৰণ পৌৰ নিগমৰ বিজে হাস্পতালত ক’ভিড–১৯ আক্রান্ত চিকিৎসা কর্মীয়ে সেৱা আগবঢ়াব লগা পৰিস্থিতি সৃষ্টি হৈছে৷
ক’ভিড–১৯ত আক্রান্ত চিকিৎসা কর্মীক সেৱাৰ পৰা আঁতৰোৱাৰ বিপৰীতে চিকিৎসালয়তে দায়িত্ব পালন কৰি থাকিবলৈ বাধ্য কৰোৱা হৈছে৷ এই লৈ তীব্র প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷ চতুর্থ পর্যায়ৰ লকডাউনত দেশত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ দেশৰ মুঠ আক্রান্তৰ অর্ধেক এই চতুর্থ পর্যায়ৰ লকডাউনৰ সময়তে আক্রান্ত হৈছে৷ যোৱা ১৮ মে’ৰ পৰা আৰম্ভ হোৱা চতুর্থ পর্যায়ৰ লকডাউনত আক্রান্তৰ সংখ্যা পুৱা আঠ বজালৈকে ৮৫,৯৭৪জন৷ অর্থাৎ দেশত আক্রান্তৰ মুঠ ১.৮৬ লাখৰ ভিতৰত প্রায় আধাই চতুর্থ লকডাউনত আক্রান্ত হৈছে৷ আনপিনে ক’ভিড–১৯ত আক্রান্ত হোৱা বাবে দেশৰ বৃহত্তম ফার্মাচী বজাৰখন অহা বৃহস্পতিবাৰলৈ বন্ধ কৰি দিয়া হৈছে৷ নতুন দিল্লীৰ ভগীৰথ প্লেচত থকা এই বজাৰখনত ডজনৰো অধিক ব্যৱসায়ী ক’ভিড–১৯ত আক্রান্ত হোৱা বাবে বজাৰখন বন্ধ ৰখা হৈছে৷ চান্দনী চ’ক অঞ্চলত অৱস্থিত এই ফার্মাচীৰ বজাৰখনত ৬০০তকৈ অধিক পাইকাৰী ঔষধৰ দোকান আছে৷