বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনলাইন চিত্রাংকন প্রতিযোগিতা
নিয়মীয়া বার্তা, ২ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম ভিত্তিত চিত্রাংকন প্রতিযোগিতাৰ আয়োজন কৰিছে সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে৷
অসমৰ প্রতিখন জিলাৰ শিক্ষার্থীয়ে অংশগ্রহণ কৰিব পৰা এই প্রতিযোগিতাত তৃতীয়ৰ পৰা অষ্টম শ্রেণীলৈ শিক্ষার্থীয়ে অংশগ্রহণ কৰিব পাৰিব৷ সমাজে প্রকাশ কৰা এক বিবৃতিত প্রকাশ কৰা অনুসৰি ‘ক’ শাখাত তৃতীয়ৰ পৰা পঞ্চম শ্রেণীলৈ আৰু ‘খ’ শাখাত ষষ্ঠৰ পৰা অষ্টম শ্রেণীলৈ ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰিব পাৰিব৷ তিনিগৰাকী প্রতিযোগীক বিজয়ী ঘোষণা কৰি পুৰস্কাৰ ঘোষণা কৰিব৷ চিত্রাংকনসমূহ জে পি জি অথবা পি ডি এফ ফৰমেটত[email protected]ত প্রেৰণ কৰিব পাৰিব৷
অহা ৫ জুনৰ ভিতৰত এই চিত্রসমূহ পঠিয়াব লাগিব৷ চিত্রসমূহৰ সৈতে প্রতিযোগীসকলে নিজৰ নাম–ঠিকনা, অভিভাৱকৰ ফোন নম্বৰ, বিদ্যালয়ৰ নাম লিখি পঠিওৱাটো বাধ্যতামূলক৷ বিজয়ী প্রতিযোগীসকলে ফলাফল ঘোষণাৰ পিছত মূল চিত্র ডাকযোগে টেট উত্তীর্ণ শিক্ষক সমাজৰ কার্যালয়লৈ পঠিয়াব লাগিব৷ ‘ক’ শাখাৰ বাবে সুস্থ–সবল ঘৰৰ চৌহদ আৰু ‘খ’ শাখাৰ বাবে পৰিৱেশত মহামাৰীৰ প্রভাৱ বিষয়ত চিত্র অংকন কৰিব লাগিব প্রতিযোগীয়ে৷