নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ! ৰে’লৰ পৰা পলাল শতাধিক যাত্ৰী, সামাজিক সংক্ৰমণৰ আশংকা

নিয়মীয়া বাৰ্তা, ৩ জুনঃ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে হোজাইত। মুম্বাইৰ পৰা অহা ৰে’লৰ চেইন টানি ৰখাই পলাল বহু যাত্ৰী। নিশা প্ৰায় ২মান বজাত সংঘটিত হয় এই ঘটনা। কোৱাৰেণ্টাইনৰ ভয়তেই যাত্ৰীসকল পলাই যোৱাৰ সন্দেহ। ইতিমধ্যে ৫৬জন লোকক কৰায়ত্ত কৰিছে প্ৰশাসনে। এতিয়াও পলাতক অৱস্থাত আছে বহুকেইজন লোক।

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ পৰা আহিছিল ৰে’লখন আৰু অধিক ক’ৰোনা সংক্ৰমিত লোক অহাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এই লোকসকলে যদি স্ব-ইচ্ছাই প্ৰশাসনৰ ওচৰত ধৰা নিদিয়ে তেন্তে সামাজিক সংক্ৰমণ বৃদ্ধি হ’ব পাৰে। গতিকে হোজাইবাসী ৰাইজৰ আহ্বান যাতে কোনো লোক পলাই নাথাকি ৰাজ্যখনৰ লগতে নিজৰ পৰিয়ালটোক বচাই কোৱাৰেণ্টাইনত থাকি সহায় কৰে।

You might also like