নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভ্রমণ বৃত্তান্ত নথকা গুৱাহাটীৰ গেলামাল দোকানী ক’ৰোনা আক্রান্ত

নিয়মীয়া বাৰ্তা, ৩ জুনঃ ৰাজ্যৰ ব্যৱসায়িক প্রাণকেন্দ্র ফাঁচীবজাৰৰ পিছত এইবাৰ মহানগৰীৰ বিষ্ণুপুৰৰ কৃষ্ণনগৰত ক’ভিড–১৯ৰ আতংকই বিৰাজ কৰিছে৷ ফাঁচীবজাৰৰ আলু–পিঁয়াজৰ গুদামত কর্মৰত শ্রমিক মুংৰু সাহানীৰ পিছত বিষ্ণুপুৰৰ এজন গেলামাল দোকানীৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ লগে লগে সমগ্র অঞ্চলটোত আতংকই বিৰাজ কৰিছে৷

প্রাপ্ত তথ্য অনুসৰি, সোমবাৰে নিশা বিষ্ণুপুৰৰ ৰোহিত যাদৱ নামৰ গেলামাল দোকানীজনৰ দেহত ক’ভিড–১৯ ধৰা পৰিছে৷ কোনো ভ্রমণ বৃত্তান্ত নথকা এই ব্যক্তিজন আক্রান্ত হোৱাৰ পিছত হাহাকাৰ লাগিছে জিলা প্রশাসনত৷ দোকানলৈ অহা কোনো গ্রাহকৰ পৰাই যাদৱৰ দেহলৈ এই মাৰাত্মক ভাইৰাছৰ সংক্রমণ ঘটা বুলি আশংকা কৰা হৈছে৷ ত

দুপৰি বিগত সময়ছোৱাত গেলামাল দোকানখনৰ পৰা বহু লোকে সামগ্রী ক্রয় কৰাত ক’ভিড–১৯ আক্রান্ত ৰোহিত যাদৱৰ সংস্পর্শলৈ বহু ব্যক্তি অহাৰ সম্ভাৱনা আছে৷ সোমবাৰে নিশা তেওঁৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছত মঙলবাৰে পুৱাৰে পৰা সংস্পর্শলৈ অহা ব্যক্তিৰ তালিকা প্রস্তুত কৰিছে স্বাস্থ্য বিভাগে৷ তেওঁৰ সংস্পর্শলৈ অহা ব্যক্তিসকলৰ পৰৱর্তী সময়ত ছোৱাবৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব৷

ইপিনে, ৰোহিত যাদৱৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ধৰা পৰাৰ পিছত তেওঁৰ বাসগৃহৰ চৌপাশৰ অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ উত্তৰে আর্য কলেজ, দক্ষিণে মৰাপাটৰ মিল, পূর্বে চৰকাৰী আইটিআই আৰু পশ্চিমে বিষ্ণুপুৰ পথক সাঙুৰি এই কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ পৰৱর্তী নির্দেশনা জাৰি নকৰাপর্যন্ত এই অঞ্চলটোৰ কোনো লোক জৰুৰীকালীন সেৱাৰ বাহিৰে আন কামত ওলাব নোৱাৰিব৷ সমান্তৰালভাৱে সমগ্র অঞ্চলটো ছেনিটাইজ কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে জিলা প্রশাসনে৷

উল্লেখ্য যে ফাঁচীবজাৰৰ শ্রমিক মুংৰু সাহানীৰ সংস্পর্শলৈ আহি ১৫জনৰো অধিক লোক আক্রান্ত হৈছিল৷ যাৰ বাবে ফাঁচীবজাৰত মুংৰু সাহানীক কেন্দ্র কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল৷ ইয়াৰ পিছত বিষ্ণুপুৰৰ গেলামাল দোকানীজনৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ফলত পুনৰ একেই পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে৷

জানিব পৰা মতে, ৰোহিত যাদৱ দোকানৰ সামগ্রী ক্রয় কৰিবলৈ ফাঁচীবজাৰলৈ আহিছিল৷ সেয়েহে ফাঁচীবজাৰতো তেওঁৰ সংস্পর্শলৈ ব্যৱসায়ী আৰু আন ব্যক্তি অহাৰ সম্ভাৱনা আছে৷

You might also like