ৰাজ্যিক চিৰিয়াখানাত শীঘ্রেই খালী স্থান পূৰণ কৰিব দুটা জেব্রাই
নিয়মীয়া বাৰ্তা, ৫ জুনঃ অসম ৰাজ্যিক চিৰিয়াখানাত খালী হৈ থকা স্থান পূৰণ কৰিবলৈ অচিৰেই অনা হ’ব দুটাকৈ জেব্রা৷ জেব্রা দুটা অনা হ’ব মহীশূৰ চিৰিয়াখানাৰ পৰা৷ ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ’ তেজশ মৰিস্বামীয়ে জনোৱা মতে, জেব্রা দুটা অনাৰ বাবে ইতিমধ্যে মহীশূৰ চিৰিয়াখানা কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰি যাৱতীয় প্রস্তুতি গ্রহণ কৰা হৈছে৷
এটা মতা আৰু এটা মাইকী জেব্রাৰ বিনিময়ত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা এহাল হলৌ বান্দৰ মহীশূৰ চিৰিয়াখানাক দিয়া হৈছে৷ লকডাউনৰ পূর্বে হলৌ বান্দৰ দুটা মহীশূৰ চিৰিয়াখানা কর্তৃপক্ষই আহি লৈ গৈছে৷ এই জেব্রা দুটা অসমলৈ আনিলে সুদীর্ঘ ৪০ বছৰৰ মূৰত দর্শকে চিৰিয়াখানাত দেখিবলৈ পাব৷ জেব্রা দুটা অনাৰ বাবে ৰাজ্যিক চিৰিয়াখানাত আৱাসস্থলী নির্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ জেব্রা দুটাৰ বাবে চিৰিয়াখানাত বিশেষ তৃণভূমি গঢ়ি তোলা হ’ব৷ ডি এফ অ’গৰাকীয়ে জনোৱা মতে, লকডাউন সম্পূর্ণৰূপে শিথিল কৰাৰ পিছতে জেব্রা দুটা ট্রাকেৰে অনাৰ ব্যৱস্থা কৰা হ’ব৷ ইফালে, যোৱা সপ্তাহত চিৰাং জিলাত উদ্ধাৰ কৰা সোণালী বান্দৰটো বর্তমান চিৰিয়াখানালৈ আনি চিকিৎসা প্রদান কৰাত সুস্থ হৈ উঠা বুলি জনায় বন বিষয়াগৰাকীয়ে৷