নিয়মীয়া বাৰ্তা, ৫ জুনঃ ক’ৰোনা ৰোধৰ লক্ষ্যৰে লকডাউন বাঢ়ি গৈ আছে। একাংশ দোকাৰ-বজাৰ, শ্বপিং মল আদিবোৰ খুলিবলৈ চৰকাৰ তথা প্ৰশাসনে শেহতীয়াকৈ অনুমতি দিছে যদিও ৰাজ্যৰ সৰু-বৰ সপ্তাহিক বজাৰসমূহ বৰ্তমানেও বন্ধ হৈ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গ্ৰামাঞ্চলৰ অধিকাংশ ক্ষুদ্ৰ ব্যৱসায়ী বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।
উল্লেখ্য যে তিতাবৰ মহকুমাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী নগাবাট, বেকাজান, বৰহোলা আদি অঞ্চলৰ বহু কৃষকে কল, লিচু, মাটিকঠাল আদি ফলৰ খেতি কৰি জীৱন নিৰ্বাহ কৰে। এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে তেওঁলোকৰ ঘৰৰ বাৰীত উৎপাদিত ফল-মূলবোৰ বিক্ৰীৰ বাবে ৰাজ্যৰ বিভিন্ন সপ্তাহিক বজাৰলৈ প্ৰেৰণ কৰে। কিন্তু লকডাউনৰ বাবে বজাৰসমূহ বন্ধ হৈ থকাত তেওঁলোকৰ ফল-মূলবোৰৰ বিক্ৰীও সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ফলত শ শ ফল-মূল গছতে পকি নষ্ট হৈছে। উপায়হীন বহু কৃষকে পানীৰ দৰতে কল, লিচু আদিবোৰ বিক্ৰী কৰিব লগা হৈছে। বছৰে বছৰে পৰিয়াল চলাই অহা উপাৰ্জনৰ পথবোৰ এনেদৰে স্তব্ধ হৈ পৰাত ক্ষুদ্ৰ ব্যৱসায়সকল একপ্ৰকাৰ চিন্তিত হৈ পৰিছে। চৰকাৰে শীঘ্ৰে এক যথোচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি গ্ৰামাঞ্চলৰ এইসকল ব্যৱসায়ীয়ে আশা প্ৰকাশ কৰিছে।