নিয়মীয়া বাৰ্তা, ৫ জুনঃ দেশৰ ভিতৰতে ক’ভিড–১৯ ত সর্বাধিক আক্রান্ত আৰু প্রাণ হেৰুওৱা ৰাজ্য মহাৰাষ্ট্রত ক’ভিড–১৯ যুঁজাৰু আৰক্ষীয়েও প্রাণ হেৰুৱাব লগীয়া হৈছে৷
আঢ়ৈ হাজাৰতকৈ অধিক কর্তব্যৰত আৰক্ষী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিপরীতে বিষয়াসহ ৩০ আৰক্ষী জোৱানে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ ইয়াৰে অধিকাংশ অর্থাৎ ১৮জন আৰক্ষীয়েই মুম্বাইৰ ৷ চৰকাৰী সূত্রই প্রকাশ কৰা মতে, বর্তমান ১৯১ গৰাকী বিষয়াসহ ডেৰ শতাধিক আৰক্ষী ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল৷