নিয়মীয়া বাৰ্তা ৫ জুনঃ মৰিগাঁও জিলাৰ অন্তৰ্গত বাৰপূজীয়া আঞ্চলিক আছু নেতৃত্ববগই বহিঃ ৰাজ্যৰ পৰা আহি ঘৰতে আচুতীয়াকৈ থকা সকলৰ কাষত ঠিয় দি পৰিস্থিতি বুজ লয় ৷ বাৰপূজীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ইন্দ্ৰ কুমাৰ নাথ আৰু সম্পাদক দেৱজিৎ ডেকা,প্রাক্তন ছাত্র নেতা জান ডেকা আৰু চিৰাজ ডেকা উপস্থিত হৈ বহিঃৰাজ্যৰ পৰা আহি হোম কোৱাৰেণ্টাইনত হৈ থকা সকলো পৰিয়ালকে ১৪ দিনৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰি প্রতিটো পৰিয়ালকে অলপ সকাহ দিবলৈ চৰকাৰৰ লগতে প্ৰশাসনিক বিষয়া বিষটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই। লগতে সম্পাদক দেৱজিৎ ডেকাই বাৰপূজীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ চিকিৎসক আৰু বিষয়ববীয়াক পৰিয়াল কেইটা কাষ চাপি চিকিৎসা প্ৰদান কৰিবলৈ আহ্বান জনাই ৷ আনহাতে হোম কোৱাৰেণ্টাইনত হৈ থকা প্ৰতিটো পৰিয়ালকে চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে পৰিয়াল কেইটিক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰে ছাত্ৰ সংগঠনটোৰ কৰ্মী সকলে।
Next Post