নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত বিশ্ব পৰিবেশ দিৱস পালন

আমাৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে প্ৰকৃতিক ৰক্ষা কৰিব লাগিব

নিয়মীয়া বাৰ্তা ৫ জুনঃ সমগ্ৰ বিশ্বৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ ওপৰিও নগাঁৱটো আজি বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। নগাওঁ বন সংমণ্ডলৰ প্ৰাধিকাৰীৰ উদ্যোগত নগাওঁ-উৰিয়াগাঁও চাৰিআলি আৰু বিহৰীগাওঁ চাৰিআলিত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি দুয়োটা অঞ্চলতে বৃক্ষ ৰোপণ কৰা হয়। এই কাৰ্যসূচীত নগাওঁ জিলাৰ উপায়ুক্ত যাদৱ শইকীয়া, বন বিষয়া ৰাজেন চৌধুৰী, দিলীপ কলিতা, প্ৰভাকৰ দাস আদিয়ে অংশগ্ৰহণ কৰে। এই কাৰ্য্যসূচীত প্ৰকৃতি সংগঠন প্ৰান্থৰূপে সহযোগিতা কৰে। নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আজি নগাওঁ চহৰৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰ, নগাওঁ আইন মহাবিদ্যালয়ৰ সমীপৰ দলঙৰ কাষকে ধৰি কেইবাটাও স্থানত গছ পুলি ৰোপণ কৰে। গছ পুলি ৰোপন কৰি বিধায়ক শৰ্মাই কয়, “আমাৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে প্ৰকৃতিক ৰক্ষা কৰিব লাগিব। প্ৰাকৃতিক ভাৰসাম্যৰ বাবেই আমি সকলোৱে বৃক্ষ ৰোপণ কৰা উচিত।” ইপিনে জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসটি উদযাপন কৰা হয় ৷ পুৱা দহ বজাত নগাঁও ন্যায়িক আদালত ভৱনৰ চৌহদত এটি গছ পুলি ৰূপন কৰি এই কাৰ্যসূচীৰ মুকলি কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধীকৰণ নগাঁৱৰ অধ্যক্ষ মৃদুল কুমাৰ কলিতাই ৷ নগাঁও ন্যায়িক আদালত ভৱনৰ বিভিন্ন বিভাগৰ সমূহ বিষয়া-কৰ্মচাৰীৰ মাজত দুটিকৈ গছপুলি বিতৰণ কৰা এই কাৰ্যসূচীৰ আতঁধৰে আইন সেৱা প্ৰাধীকৰণ নগাঁৱৰ সচিব মনালিছা দাসে ৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে মটৰ দূৰ্ঘটনা নিস্পতি ন্যায়ধিকৰণৰ সদস্য আবুবক্ৰৰ চিদ্দিক,অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ কাঞ্চন নেৱাৰ,মূখ্য ন্যায়িক দণ্ডাধীশ জ্যোস্না দাস,অতিৰিক্ত মূখ্য ন্যায়িক দণ্ডাধীশ চালেহ আহমদ,প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ ক্ৰমে এফ.ৱাই.লয়,দিহতা কাকতি,সুজাতা কুৰ্মীৰ লগতে সমূহ আদালতৰ বিষয়া-কৰ্মচাৰী তথা আইন সেৱা প্ৰাধীকৰণয় নগাঁৱৰ কৰ্মচাৰী,অৰ্ধআইনী স্বেচ্ছাসেৱী সকল উপস্থিত থাকে ৷ নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগটো বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। নগাওঁ বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰবীণ শৰ্মা, অধ্যক্ষা দীপিকা লস্কৰে বৃক্ষ ৰোপনেৰে এই কাৰ্য্যসূচী শুভাৰম্ভ কৰে। বিদ্যালয়খনৰ ইক’ ক্লাৱ বায়’টেক লেবৰ উদ্যোগত পৰিবেশ সম্পৰ্কীয় বাৰ্তালোচনী ‘সেউজ বাৰ্তাৰ’ ই সংস্কৰণ উন্মোচন কৰাৰ লগতে অনলাইন বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত অবিভক্ত নগাওঁ জিলাৰ ৫০ জনৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। তদুপৰি ছাত্র-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ইক’ ক্লাৱৰ সমন্বয়ক হিৰণ্য শৰ্মা আৰু বিদ্যালয়ৰ এন চি চি বিষয়া ছাইফুল ইছলামে অংশগ্ৰহণ কৰে।
ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু সদৌ অসম গ্ৰাম্য পুথি ভঁৰালৰ উদ্যোগটো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। আনহাতে, শেনছোৱাৰ এখনি অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতনতো আজি পৰিচালনা সমিতিয়ে আচাৰ্য-আচাৰ্যা আৰু অভিভাৱক সকলৰ সহযোগত সামাজিক দূৰত্ব বজাই ৰাখি নিকেতন চৌহদত প্ৰায় শতাধিক ফলমূলকে ধৰি মূল্যৱান গছপুলি ৰোপন কৰে। ইফালে,নগাঁৱৰ এটি অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান কলংভেলী বহুমুখী উন্নয়ন সমিতিয়ে বেবেজীয়া-বৰঘাট-উৰিয়াগাওঁ বাইপাছ আৰু নগাঁও-চিধা মৰিগাওঁ ৰাজ্যিক পথৰ কাষত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পথচাৰিক ভৱিৎষ্যতে ছাঁ দিবৰ নিমিৰ্তে শতাধিক ভিন্নবিধ গছপুলি ৰূপন কৰে ৷

You might also like