নিয়মীয়া বাৰ্তা ৫ জুনঃ ৰাজ্যখনৰ অন্যান্য জিলাৰ দৰে বঙাইগাঁও জিলাতো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনা আঁচনিত ব্যাপক খেলি মেলি, দুৰ্নীতি সংঘটিত হোৱাৰ উপৰিও শ শ লোক অবৈধভাৱে হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট হোৱাত বঞ্চিত হৈছে প্ৰকৃত কৃষক ৷ উল্লেখ্য যে, কৃষকসকলোক আৰ্থিক সকাহ দিয়াৰ লক্ষ্যৰে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি নামৰ বৃহৎ আঁচনিখন গ্ৰহণ কৰে ৷ কিন্তু আঁচনিখনত কৃষক ৰাইজৰ বিপৰীতে আৰ্থিকভাৱে স্বচ্ছল বা আন-আন বৃত্তিত জড়িত লোকহে সন্নিবিষ্ট হোৱাত বঙাইগাঁও জিলাত বিফল হৈছে আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্য ৷ জানিব পৰা মতে,জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ বিভিন্ন পঞ্চায়তত অনা-কৃষক লোকৰ নাম সন্নিৱিষ্ট হোৱাৰ লগতে একেজন হিতাধিকাৰীয়ে বহু সময়ত ২/৩ বাৰকৈ নাম সন্নিৱিষ্ট হোৱাত একেটা বেংক একাউণ্টতে ২/৩ বাৰকৈ ধন জমা হয় ৷ আঁচনিখনত হোৱা ব্যাপক খেলিমেলি পোহৰলৈ অহাত ইতিমধ্যে বহু ৰাজনৈতিক দলকে ধৰি বিভিন্ন সংগঠনে তদন্তৰ দাবী জনাই আহিছে ৷ ইয়াৰ ফলস্বৰূপে জিলা কৃষি বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লয় যদিও বক্ৰপথেৰে হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট লোকে হাত সৰাৰ সম্ভাৱনাই দেখা দিছে ৷ মহকুমাটোৰ বিভিন্ন পঞ্চায়তত একেজন হিতাধিকাৰীয়ে দুবাৰকৈ তালিকাত নাম সন্নিৱিষ্ট কৰি দুগুণকৈ ধন আদায় লোৱাৰ পাচত জিলা কৃষি বিষয়াই ধন ওভতাই দিয়াৰ বাবে জাননী জাৰি কৰিছে ৷ ইতিমধ্যে বহু দুখীয়া কৃষকে একাউণ্টত ধন জমা হোৱাৰ পাচত উক্ত ধন লকডাউনৰ সময়চোৱাত অৰ্থৰ অভাৱত পৰি ব্যয় কৰাত জাননী লাভ কৰা কৃষকসকল হতাশাত ভোগা পৰিলক্ষিত হৈছে ৷ বিভাগটোৱে কৰা এনে খেলি মেলিৰ ফল ভুগিব লগা হৈছে দুখীয়া কৃষকসকলে ৷
উল্লেখ যে পঞ্চায়তত দায়িত্বৰত গ্ৰামসেৱকে পঞ্চায়ত প্ৰতিনিধিৰ সহযোগত হিতাধিকাৰী বাছনি কৰিব লাগে যদিও বহু পঞ্চায়তৰ গ্ৰামসেৱকে স্বাৰ্থসিদ্ধিৰ বাবে নিজা খেয়াল খুচিৰে পঞ্চায়ত প্ৰতিনিধিক অৱগত নকৰাকৈয়ে একাংশ মনঃপুত ধনী লোককো তথা কৃষি কাৰ্যৰ সৈতে জড়িত নথকা ব্যৱসায়ী আদিকো আঁচনিত সাঙুৰি লোৱাত প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে প্ৰকৃত কৃষক ৷ আন এক চাঞ্চল্যকৰ তথ্য অনুসৰি দেওহাটীকে ধৰি জিলাখনৰ বহু পঞ্চায়তত গ্ৰামসেৱকে বাছনি নকৰা হিতাধিকাৰীৰ নামো তালিকাত সন্নিৱিষ্ট হৈছে যদিও উক্ত হিতাধিকাৰীসকল পঞ্চায়তখনৰ বাসিন্দাই নহয় ৷ জিলাখনৰ বহু পঞ্চায়তত এনেদৰে সংশ্লিষ্ট পঞ্চায়তৰ বাসিন্দা নোহোৱা সত্বেও হাজাৰ হাজাৰ হিতাধিকাৰী তালিকাত হোৱাত হাহাকাৰৰ সৃষ্টি হৈছে সংশ্লিষ্ট পঞ্চায়তসমূহত ৷ আন এক তথ্যমতে, জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত পাচনীয়া-খোৰাগাঁও পঞ্চায়তত গ্ৰামসেৱকে দিয়া হিতাধিকাৰীৰ তালিকাৰ উপৰিও ৰহস্যজনকভাৱে শ-শ লোক আঁচনিখনৰ জৰিয়তে লাভান্বিত হৈছে ৷ আনকি একেটা চুবুৰীৰ ৯০ শতাংশ লোকে কৃষক সন্মান নিধিৰ ধন লাভ কৰে যদিও উক্ত হিতাধিকাৰী সকলোৰ নাম উক্ত পঞ্চায়তৰ হিতাধিকাৰীৰ তালিকাত নাই ৷ এক গোপন সূত্ৰই সদৰি কৰামতে, জিলাখনৰ উন্নয়ন খণ্ড এটাত কৰ্মৰত জনৈক মফিদুল নামৰ ব্যক্তি এজনৰ নেতৃত্বতে বিভাগৰ অজ্ঞাতে অনলাইন যোগে হিতাধিকাৰী হিচাবে আবেদন কৰোৱাই বাচনিকৃত কৰে বহুজনক ৷ ইয়াৰ বিনিময়ত প্ৰাপ্য ধনৰ অৰ্ধেকখিনিয়ে হিতাধিকাৰীৰ পৰা আদায় কৰে ৷ এনে পৰিপেক্ষিতত পঞ্চায়তে পঞ্চায়তে প্ৰকৃত বাসিন্দা নোহোৱা সত্বেও হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট হোৱা বুলি চৰ্চিত হৈছে অঞ্চলসমুহত ৷ এইক্ষেত্ৰত উক্ত পঞ্চায়ত সমুহত তদন্তৰ দাবী কৰিছে জিলাখনৰ প্ৰকৃত কৃষকসকলে ৷