নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষোল্ল বছৰে উন্মুক্ত দিমীলাৰ ভগ্ন মথাউৰিঃ জলসম্পদ বিভাগৰ অকৰ্মণ্যতাত ক্ষুব্ধ অঞ্চলবাসী

ঘৰে-ঘৰে বাঁহ তুলি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং 

নিয়মীয়া বাৰ্তা ৫ জুনঃ দিমীলা নৈৰ বাঢ়নী পানীয়ে ছিগি নিয়া নৈখনৰ পূব দিশৰ মথাউৰিটো বিগতে ষোল্ল বছৰে উন্মুক্ত হৈয়ে থকাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিব লগীয়া হৈছে।উল্লেখযোগ্য যে নাওপোতা-দুৰদুৰীয়াত ২০০৪ চনতে নৈখনৰ পূব দিশৰ মথাউৰিটো প্ৰায় এশ মিটাৰ দৈৰ্ঘ্য ছিগি পেলাইছিল বাঢ়নী পানীয়ে।আজি সুদীৰ্ঘ ষোল্ল বছৰে জলসম্পদ বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবে এশমিটাৰ ভগ্ন মথাউৰিটো মেৰামতি নোহোৱাকৈয়ে পৰি থাকিবলগীয়া হৈছে। যেন সদিচ্ছাৰ অভাৱ জলসম্পদ বিভাগ কিম্বা জনপ্ৰতিনিধিৰ। যাৰ ফলত আজিৰ এইসময়চোৱাত ইয়াৰ কৃষক ৰাইজে বাৰিষা বতৰত বানৰ সৈতে সহৱস্থান কৰি আহিবলগীয়া হৈছে।নৈত পানী বাঢ়িলেই উন্মুক্ত অংশৰে কৃষি ভুমিত দ্বিধাহীন ভাবে প্ৰবেশ কৰাৰ ফলত প্ৰতি বছৰে বানৰ ফলত এক যন্ত্ৰণা কাতৰ জীৱন কটাবলগীয়া হৈছে কৃষক ৰাইজে।বাৰিষা আহিলেই প্ৰতিটো বছৰতে তিনি-চাৰিটাকৈ বানৰ কবলত পৰে অঞ্চলটোৰ কৃষক ৰাইজ।সততে শালিধানৰ খেতি কৰিব নোৱাৰা কৃষক ৰাইজে দুৰ্ভিক্ষই গ্ৰাস কৰি পেলাইছে। যাৰ বাবে ৰাইজ আজি ক্ষোভিত। উল্লেখযোগ্য যে বিগত ষোল্লটা বছৰে অঞ্চলবাসীক কি ৰাজনৈতিক দল কি ৰাজনৈতিক নেতা সকলোৱে যেন আঁভুৱা ভাৰি আহিছে ।
লক্ষণীয় যে উক্ত মথাউৰিটো অঞ্চলৰ টোৰ প্ৰায় পাচ-ছয়খন গাঁৱৰ ৰাইজৰ অন্যতম যোগাযোগৰ  ব্যস্ত পথ ।দিমীলা নদীৰ ভগ্ন মথাউৰিটো মেৰামতি নোহোৱাত যাতায়ত তথা যোগাযোগ ৰক্ষাৰ বাবে বাঁহৰে সাঁকোৰে যোগাযোগ ৰক্ষা কৰি আহিছিল গঞা ৰাইজ।বছৰি নিজৰ শ্ৰম আৰু গাথিঁৰ ধন ভাঙি গঞা ৰাইজে যোগাযোগৰ বাবে বাঁহৰ চাং পাতি দি আহে যদিও কিছুদিন পিছতে যাতায়তৰ অনুপযোগী হৈ পৰে । একপ্ৰকাৰ স্তব্ধ হৈ পৰে জনজীৱন।পথচাৰী নানান সমস্যাৰ সন্মুখীন হোৱাটো আছেই ৰোগীৰ বাবেও এই দলংখনেই যেন মৰণফাণ্ড।এনেদৰে বছৰ বছৰ ধৰি বাঁহৰ সাঁকো তৈয়াৰ কৰি ভাগৰি নপৰা ৰাইজে এইবেলি চৰকাৰে মথাউৰি নিৰ্মাণ আঁচনিত‌ উক্ত চিগা অংশ মথাউৰি মেৰামতিৰে যাতায়তৰ সুগম কৰাৰ আশা দেখিছিল।আনকি বিভাগীয় মন্ত্ৰী কেশৱ মহন্তইও আশ্বাস দিছিল ৰাইজক।অথচ ৰহস্যজনক ভাৱে সংশ্লিষ্ট মথাউৰি মেৰামতিৰ নামত ফুটাকড়িও নপৰিল।উপায়ন্তৰ হৈ আকৌ ৰাইজে ঘৰৰ পৰা বাহ তুলি নিৰ্মাণ কৰি ল’ব লগা হৈছে বাহৰ দলং। লকডাউনৰ মাজতো স্থানীয় ৰাইজে এনেদৰে সমস্যা সমাধানৰ বাবে ওলায় আহিব লগীয়াটো উদ্বেগজনক হিচাপে বিবেচিত হৈছে।

You might also like