নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যপালৰ চিৰাং ভ্ৰমণ বিটিএডিত ৪০লাখ বৃক্ষ ৰোপন, অবৈধ ভাবে গছকটা বন্ধ কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ  সিদ্ধান্ত ঘোষণা 

নিয়মীয়া বাৰ্তা, ৫ জুনঃ ‘ৰাজ্যপাল শাসন মানে আপোনালোকে মনত এইটো ভাব নানিব যে,নিৰ্বাচিত চৰকাৰ নাই মানে আপোনালোকৰ কথা নাইবা ওজৰ-আপত্তি শুনিবলৈ কোনো নাই! ৰাইজৰ এই অসুবিধা দূৰ কৰিবলৈ সমগ্ৰ বিটিএডিত ৭৫ ঠাইত একোটাকৈ অভিযোগ বাকচ (কমপ্লেইন বক্স) ৰখাৰ ব্যৱস্থা কৰিছোঁ । এটা সচিবালয়ত , চাৰি জিলাৰ উপায়ুক্ত কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, মহকুমাধিপতি (চিভিল),চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত একোটাকৈ অভিযোগ বাকচ ৰখা হ’ব। সৰ্বসাধাৰণ ৰাইজে তাত লিখিত অভিযোগ দিলে সেই সমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তাৰ উপৰিও প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে দিনৰ ১১ বজাত সচিবালয়ৰ লগতে চাৰিওখন জিলাৰ উপায়ুক্ত কাৰ্যালয় আৰু মহকুমাধিপতি (চিভিল) কাৰ্যালয় চৌহদত ‘দৰবাৰ’ অনুষ্ঠিত কৰা হ’ব। দৰবাৰত উপস্থিত থকি  জনসাধাৰণে ওজৰ-আপত্তি সমূহ  মৌখিক অথবা লিখিতভাৱে প্ৰসাশনক জনাব পাৰিব। অভিযোগ সমূহ গ্ৰহণ কৰাৰ লগতে ব্যৱস্থাও লোৱা হ’ব।’ অসমৰ ৰাজ্যপাল প্ৰফেচৰ  জগদীশ মুখীয়ে আজি বিটিএডি বাসী ৰাইজক উদ্দেশ্য কৰি চিৰাঙত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে। ৰাজ্যপালে  দিনজোৰা কাৰ্যসূচীৰে আজি  চিৰাং ভ্ৰমণ কৰে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি জিলা খনত দ্বিতীয়টো চৰকাৰী ভ্ৰমণ সূচীত অংশগ্ৰহণ কৰি ৰাজ্যপালে  পৰিৱেশ ৰক্ষাৰ ওপৰত অধিক  গুৰুত্ব প্ৰদান কৰে।  ৰাজ্যপাল মুখীয়ে কাজলগাঁওস্থিত ১৫ নং বাহিনী  এছএছবিৰ দ্বাৰা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজন কৰা আনুষ্ঠানিক বৃক্ষ ৰোপন কাৰ্যসূচীত মূখ্য  অতিথিৰূপে অংশ গ্ৰহণ কৰি গছপুলি ৰোপন কৰে। ১৫ নং বাহিনী এছ এছ বিৰ মূখ্যালয় চৌহদত ১৫০০ গছপুলি ৰোপন কৰাৰ লগতে আজিৰ দিনটোত বিটিএডিৰ চাৰিওখন জিলাত একলাখ গছপুলি ৰোপন কৰা হ’ব বুলি ৰাজ্যপালে প্ৰকাশ কৰে। প্ৰতিখন জিলাত ১০ লাখকৈ মুঠ ৪০ লাখ গছপুলি ৰোপন কৰাৰ লক্ষ্য স্থিৰকৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে । বিটিএডিৰ বনাঞ্চলত বনধংসৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি ৰাজ্যপাল মুখীয়ে কয় যে, বৰ্তমানলৈকে হৈ যোৱা ক্ষতিৰ কথা পাহৰি আমি নতুনকৈ পৰিৱেশ ৰক্ষাৰ কথা চিন্তা কৰিব লাগিব। অবৈধ গছ কটা এতিয়াৰে পৰা সম্পূৰ্ণ ৰূপে বন্ধ কৰিবই লাগিব । আৰক্ষী-অৰ্ধসামৰিক বাহিনীক এই বিষয়ে ব্যৱস্থা গ্ৰহনৰ নিৰ্দেশ দিয়া হৈছে । বনাঞ্চলৰ যিসমূহ ঠাইত গছ-বন কাটি মুকলি কৰিছে,সেই স্থানত নতুনকৈ গছপুলি ৰোপন কৰা হ’ব। বিটিএডিৰ চৰকাৰী চাকৰিয়াল সকলে ১০ জোপা আৰু সৰ্বসাধাৰণ ৰাইজে ৫ জোপাকৈ গছপুলি ৰোপন কৰাৰ লগতে গছপুলি সমূহৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত ল’বলৈ সকলোৰে প্ৰতি  ৰাজ্যপালে আহ্বান জনাইছে । ৰাইজে নিজৰ পছন্দ আৰু সুবিধা অনুযায়ী ফল-ফুলৰ পুলি ৰোপন কৰিবৰ বাবে নিজৰ নাম-ঠিকনা দি সচিবালয়,উপায়ুক্ত কাৰ্যালয়, ৰেঞ্জ কাৰ্যালয়, চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা বিনামূলীয়াকৈ সংগ্ৰহ কৰি পাৰিব বুলি জানিবলৈ দিয়ে । এছ এছ বিয়ে আয়োজন কৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ   পিছত তেওঁ জিলাখনৰ আইন শৃংখলা তথা অন্য বিষয়লৈ বিটিচিৰ প্ৰশাসক,প্ৰধান সচিব, বিটিএডিৰ  আইজিপি, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, সেনা,অৰ্ধসামৰিক বাহিনী তথা অন্যান্য সুৰক্ষা এজেঞ্চি আৰু উন্নয়ন বিভাগৰ মুৰব্বী সকলৰ সৈতে আইন-শৃংখলা,উন্নয়ন আদি  সম্পৰ্কে এক আলোচনাত মিলিত হয়। লগতে তেওঁ জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত বিভিন্ন সামাজিক সংগঠনৰ বিষয়ববীয়া, বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানৰ মুৰব্বীসকলৰ সৈতেও মত বিনিময় কৰে।

বিয়লিৰ ভাগত ৰাজ্যপালে বঙাইগাঁও শোধনাগাৰ উপনগৰীস্থিত মানস অতিথিশালাত জিলাৰ সাংবাদিক সকলৰ সৈতে মতবিনিময় কৰে। মতবিনিময় অনুষ্ঠানত বৰ্তমান বিটিএডিত নিৰ্বাচনী বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত কোনো নতুন আঁচনি ৰূপায়ণ কৰা নহয় বুলি জানিবলৈ দিয়াৰ লগতে আধৰুৱা হৈ থকা আঁচনি তথা উন্নয়নমূলক কাম সমুহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি প্ৰকাশ কৰে। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতিত অটল থকাৰ লগতে সমগ্ৰ বিটিএডিৰ কৃষক সকলৰ উন্নতিত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে । দেশৰ প্ৰধানমন্ত্ৰীয়ে ২০২২ বৰ্ষৰ ভিতৰত কৃষকৰ আয় দুগুণলৈ বৃদ্ধিৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছে, তাক বাস্তৱায়িত কৰিবলৈ কৃষকৰ কল্যাণৰ হকে  আঁচনি সমূহ প্ৰস্তুত কৰাৰ লগতে  সফল ৰূপায়ণ কৰিবলৈ উপায়ুক্ত, কৃষি,জলসিঞ্চন,পশুপালন, মীন আদি বিভিন্ন বিভাগৰ মুৰব্বী তথা অন্যান্য বিষয়া সকলক নিৰ্দেশ দিয়া হৈছে বুলি মন্তব্য কৰে । ৰাজ্যপাল শাসনৰ পাছত বিটিএডিত কৃষকৰ কল্যাণৰ বাবে ২৯২ খন ট্ৰেক্টৰ বিতৰণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে । ৰাজ্যৰ ৰাজ্যপাল তথা বৰ্তমানৰ বিটিএডিৰ শাসনৰ মুৰব্বী প্ৰফেচৰ জগদীশ মুখীয়ে তেওঁৰ শাসন সম্পূৰ্ণ ৰূপে অস্থায়ী বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ বিপৰীতে  বিটিএডিত সুশাসন অব্যাহত ৰখাৰ স্বাৰ্থতে অনাগত দিনত নিৰ্বাচিত চৰকাৰ খনক সুপৰিচালিত শাসন ব্যৱস্থা অৰ্পণ কৰাৰ উদ্দেশ্যে কাম কৰি যাব বুলিও মন্তব্য কৰে। ৰাজ্যপালে কোভিড-১৯ ভাইৰাছৰ সামাজিক সংক্ৰমন ৰোধ কৰাৰ লগতে নিজক তথা নিজ পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলোকে মাক্স পৰিধান আৰু ‘কোভিড-১৯’ সংক্ৰান্তীয় চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে ।

You might also like