নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মদনপুৰত ‘সেউজ অভিযান ‘ শুভাৰম্ভণিৰে গছপুলি ৰোপণ

নিয়মীয়া বাৰ্তা ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কামৰূপ জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু মদনপুৰ মজলীয়া বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত আজি ‘সেউজ অভিযান ‘ শুভাৰম্ভ অনুষ্ঠানটি শুভাৰম্ভ কৰে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে । চাংসাৰিৰ সমীপৱৰ্তী মদনপুৰ মজলীয়া বিদ্যালয় প্ৰাংগণত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা বিশ্ব পৰিৱেশ দিৱসত কামৰূপ উপায়ুক্ত কৈলাশ কাৰ্তিক এন , কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা , কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মাধৱ চন্দ্ৰ ডেকা , জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া , মুখ্য কাৰ্যবাহী বিষয়া জুৰী দলেক বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱাৰ পিছতে উপায়ুক্তগৰাকীয়ে কয় ‘গছ থাকিলেহে মানুহ থাকিব , এই উদ্দেশ্য আগত ৰাখি কামৰূপ জিলাৰ বিদ্যালয়সমূহত ‘সেউজ অভিযান ‘ কাৰ্যসূচীৰে গছপুলি ৰোপণ আৰু সংৰক্ষণ যাতে হয় তাৰ প্ৰতিও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব প্ৰতিখন শিক্ষানুষ্ঠানে । ইয়াৰ পিছতে উপায়ুক্তগৰাকীকে ধৰি উপস্থিত থকা বিষয়-ববীয়াই একোটিকৈ গছপুলি ৰোপণ কৰে । তদুপৰি শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক লোকনাথ ডেকা , বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি লাচিত ডেকা , অগপ নেতা পবিত্ৰ কুমাৰ ডেকা প্ৰমুখ্যে শিক্ষক- শিক্ষয়িত্ৰীকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তিও উপস্থিত থাকি গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লয় ।

You might also like