নিয়মীয়া বাৰ্তা ৫জুনঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ দুজন সুৰামত্ত আৰক্ষী কণিষ্টবলৰ বৰ্বৰ অত্যাচাৰতেই অকালতে প্ৰাণ হেৰুৱাব লগীয়া হ’ল গাঁওৰক্ষী বাহিনীৰ কৰ্তব্যৰত এজন সম্পাদকে। এই অবাঞ্চিত ঘটনাটো সংঘটিত কৰি গ্ৰেপ্তাৰ হৈ আৰক্ষী থানাৰ লকআপৰ আলহী হ’ব লগীয়া হয় নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ দুগৰাকী আৰক্ষী জোৱান ক্ৰমে পৰেশ শৰ্মা আৰু আটিকুৰ ৰহমান। যোৱা দুই জুনৰ নিশা নগাঁও আৰক্ষী বিভাগত কালিমা সানি এই দুজন আৰক্ষী কণিষ্টবলে চৰম উৰ্ধতালিৰে জাজৰিৰ ধলপূৰীয়া গাঁওৰক্ষী বাহিনীৰ সম্পাদক তথা জাজৰি ব্যৱসায়ী সন্থাৰ সভাপতি ফণীধৰ বৰাক সাধাৰণ কথাতেই অতি বৰ্বৰ ভাৱে প্ৰহাৰ কৰি আহত কৰাৰ পাছত কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তেঁওৰ মৃত্যু হয়।এই ঘটণাক কেন্দ্ৰ কৰি সমগ্ৰ জাজৰি অঞ্চলত বিৰাজ কৰা তীব্ৰ উত্তেজনা আজিও অব্যাহত আছে ।কণিষ্টবল দুজনৰ কাণ্ডই লজ্জানত কৰিছে নগাঁও আৰক্ষী বিভাগক।
উল্লেখ্য যে,কালি সন্ধিয়া গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাৰ মৃত্যু হোৱাৰ পাছতেই সহস্ৰাধিক লোকে জাজৰি আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল।ৰাইজৰ ৰণচণ্ডি ৰূপ দেখি নগাঁও আৰক্ষীয়ে কালি নিশায়েই অভিযুক্ত অৰক্ষী কণিষ্টবল দুজনক আটক কৰি নগাঁও সদৰ আৰক্ষী থানালৈ লৈ যায়। ইতিমধ্যে দুয়োকে গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে। ইপিনে, গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰা জাজৰি থানাৰ আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱাৰ পাছত বৰাৰ পত্নী নিৰ্মালী শইকীয়াই কালি নিশা জাজৰি আৰক্ষী থানাত কণিষ্টবল পৰেশ শৰ্মা আৰু আটিকুৰ ৰহমানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি এক গোচৰ ৰুজু কৰিছে।আৰক্ষীয়ে ৪১/২০২০নম্বৰত গোচৰটো পঞ্জীভুক্ত কৰি তদন্ত অব্যাহত ৰাখিছে।
ইপিনে,আজি দুপৰীয়া অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এ ডি জি পি) জি পি সিং জাজৰি আৰক্ষী থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ চৰজমিন তদন্ত কৰে।পাছত তেওঁ উপস্থিত হয়গৈ ফণীধৰ বৰাৰ বাসগৃহত। তেওঁ বৰাৰ পত্নী আৰু আত্মীয়ক সমবেদনা জ্ঞাপন কৰাৰ লগতে বৰাৰ পত্নীৰ হাতত এক লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰে।লগতে তেওঁ কয় যে,দোষী সাৰি যাব নোৱাৰে।দোষীয়ে আইন অনুসৰি কঠোৰ শাস্তি পাবই।১৫ দিনৰ ভিতৰত ফণীধৰ বৰাৰ হত্যাৰ গোচৰটোৰ চাৰ্জশ্বীট দাখিল কৰাৰ লগতে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত আদালতৰ জৰিয়তে কৰোৱাৰ বাবে চৰকাৰৰ ওচৰত আৰ্জি পেচ কৰিব বুলিও প্ৰকাশ কৰে। লগতে বৰাৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰৰ লগত আলোচনা কৰি সংস্থাপন ব্যৱস্থা গ্ৰহণৰো আশ্বাও প্ৰদান কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সিঙে। ইপিনে,মৃত ফণীধৰ বৰাৰ বাসগৃহত আজি বিয়লি অসম বিধানসভাৰ বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন আৰু প্ৰাক্তন মন্ত্ৰী গৌতম বৰা উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। লগতে নেতাদ্বয়ে বৰাৰ পৰিয়ালক ন্যায় প্ৰদানৰো দাবী জনায়। ইপিনে,জাজৰি কাণ্ডৰ মুল অভিযুক্ত আৰক্ষী জোৱান দুজনক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি নগাঁও আদালতত হাজিৰ কৰোৱা হয়।আৰক্ষীৰ আবেদন মৰ্মে আদালতে দুয়োকে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। স্মৰ্তব্য যে,আজি বিয়লি নগাওঁ আদালতত হাজিৰ কৰা অভিযুক্ত আৰক্ষী জোৱান পৰেশ শৰ্মা আৰু আটাউৰ ৰহমানক নগাঁও আৰক্ষীয়ে চাৰিদিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে তিনিদিনৰ আৰক্ষী জিম্মাত দিয়ে। ইপিনে জাজৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্যক শাস্তিমূলক বদলি কৰিছে।
আনহাতে, আৰক্ষীৰ নিৰ্মম প্ৰহাৰত নিহত হোৱা গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ পাছত আজি বিয়লি পৰিয়ালৰ লোকক গতাই দিয়া হয়।বিয়লি তেওঁৰ মৃতদেহটো জাজৰিলৈ অনাৰ পাছত সমগ্ৰ অঞ্চলটোতে এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় জাজৰি শাখা সাহিত্য সভা,হাতীচোং আঞ্চলিক ছাত্ৰ সন্থা,জাজৰি প্ৰেছ ক্লাৱ,জাজৰি গাঁওৰক্ষী বাহিনী আদিকে ধৰি বিভিন্ন দল,সংগঠন আৰু ব্যক্তিয়ে বৰাৰ শৱ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে।পাছত তেওঁৰ মৃতদেহটো এখন বাহনত লৈ সমগ্ৰ জাজৰি অঞ্চলতে এক শোক সমদল ওলিয়াই। স্থানীয় ৰাইজে ফণীধৰ বৰাৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত আদালতৰ জৰিয়তে সম্পন্ন কৰোৱা,দোষীক ফাঁচী দিয়াৰ দাবী জনায়।