নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেকাজান পঞ্চায়তত বৰহোলাৰ সাংবাদিকসকলক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ৫ জুনঃ বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি তিতাবৰ মহকুমাৰ বেকাজান পঞ্চায়ততো বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। এই উপলক্ষে পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত সভানেত্ৰী বহাগী টাকুৱে ৱাৰ্ড সদস্য সকলৰ সহযোগত একোটিকৈ বৃক্ষ ৰোপণ কৰি পৰিবেশ দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পিছতে দুপৰীয়া ক’ভিড -১৯ সন্দৰ্ভত অনুষ্ঠিত সভাত ক’ৰোনা মহামাৰীৰ সময়ত ফ্ৰণ্টলাইন কৰ্মী হিচাপে জনসচেতনাৰ প্ৰচাৰ চলোৱা বৰহোলাৰ সাংবাদিক সন্থাৰ সভাপতি তথা ‘অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক মণ্টুচ্ কোঁৱৰ, সাংবাদিক সন্থাৰ মুখ্য সম্পাদক তথা ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সাংবাদিক অজয় শইকীয়া আৰু ‘আমাৰ অসম’ কাকতৰ সাংবাদিক সঞ্জীৱ উদ্দীন আহমেদক পঞ্চায়তৰ সভানেত্ৰী বহাগী টাকু আৰু ৱাৰ্ড সদস্যা ৰুলী দত্তই একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। সভাতে বেকাজান পঞ্চায়তৰ সচিব সুৰেণ বৰাই কৰ্মসূত্ৰে বহিঃৰাজ্যৰ পৰা ইতিমধ্যে উভতি অহা বেকাজান পঞ্চায়তৰ ৩০ জন লোকৰ হোম কোৱাৰেণ্টাইন শেষ হোৱা পিছত যাতে কৰ্মহীন হৈ নপৰে তাৰ বাবে জীৱিকা হিচাপে পঞ্চায়তৰ ফালৰ পৰা এশ দিনৰ জৱকাৰ্ডৰ ব্যৱস্থা কৰা হৈছে বুলি অৱগত কৰে। উল্লেখযোগ্য যে তিতাবৰ সমষ্টিৰ ভিতৰত বেকাজান পঞ্চায়তৰে সৰ্বাধিক ৪২১ লোক বহিৰাজ্যৰ এতিয়াও লকডাউনত আবদ্ধ হৈ আছে। ইয়াৰ ৩৫২ গৰাকী লোকে নিজ গৃহলৈ উভতি আহিবলৈ ইতিমধ্যে অনলাইন যোগেদি টিকট বুকিং কৰিছে। অহা কিছুদিন ভিতৰতে স্বগৃহলৈ উভতি আহিব লগা এইসকল লোকৰ স্বাস্থ্য পৰীক্ষা অন্তত হোম কোৱাৰেণ্টাইন ব্যৱস্থা আৰু নিৰীক্ষণ কৰিবলৈ পঞ্চায়তৰ ৱাৰ্ড সদস্যক নিৰ্দেশনা দিয়া হয় । উল্লেখ্য যে সভাত তিতাবৰ আঞ্চলিক পঞ্চায়তৰ সদস্য খিৰেশ্বৰ কছাৰী, ৱাৰ্ড সদস্য ৰিকা টাইদ, কুসুম চুতীয়া, প্ৰাঞ্জল ভৰালী, লোহিত শইকীয়া, তিতাবৰ উন্নয়ন খণ্ডৰ কণিষ্ঠ অভিযন্তা প্ৰাঞ্জল গগৈ উপস্থিত থাকে।

You might also like