নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে বিটিচি নির্বাচন লাগে বিপিএফ–ইউপিপিএল–গণ সুৰক্ষা পার্টীক

নিয়মীয়া বাৰ্তা, ৬ জুনঃ ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত স্থগিত হৈ পৰা বিটিচি নির্বাচন পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে শীঘ্রে অনুষ্ঠিত হোৱাটো বিচাৰিছে বিপিএফ, ইউপিপিএল, গণ সুৰক্ষা পার্টীকে ধৰি এই নির্বাচনত অংশগ্রহণ কৰা প্রতিটো ৰাজনৈতিক দল আৰু প্রার্থীয়ে৷ প্রতিটো দলেই বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলৰ অসম আগমন চলিত জুন মাহতেই সম্পূর্ণ হোৱাৰ পিছত জুলাইৰ ভিতৰত ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ আশা কৰিছে৷ পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে শীঘ্রে বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে নির্বাচনত অৱতীর্ণ হোৱা প্রতিটো দল আৰু প্রার্থীয়ে৷ সম্প্রতি প্রতিটো দল আৰু প্রার্থীয়ে সামাজিক দূৰত্ব মানি, মাস্ক পৰিধান কৰি, নিজ নিজ অঞ্চলত দলীয় নেতা–কার্যকর্তাসকল্ মাজত নির্বাচনী প্রচাৰ কার্যও পুনৰ আৰম্ভ কৰিছে৷
 উল্লেখ্য যে এপ্রিলৰ প্রথম ভাগতেই বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছিল অসম ৰাজ্যিক নির্বাচন আয়োগে৷ নির্বাচনী সূচী ঘোষণাৰ লগতে নির্বাচনী আচৰণবিধিও যোৱা মার্চ মাহতেই আয়োগে বলৱৎ কৰে৷ সেই অনুসৰি মনোনয়ন–পত্র দাখিল, পৰীক্ষা, মনোনয়ন–পত্র প্রত্যাহাৰৰ পর্বও সম্পন্ন হৈ যায়৷ কিন্তু পৰৱর্তী পর্যায়ত ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ স্বার্থত চৰকাৰৰ পৰামর্শমর্মে আয়োগে নির্বাচন সাময়িকভাৱে স্থগিত ৰাখে৷ ইয়াৰ পিছতেই যোৱা ২৪ মার্চৰ মাজনিশাৰ পৰা দেশজুৰি লকডাউন আৰম্ভ হোৱাত বিটিচি নির্বাচন অনির্দিষ্টকাললৈ পিছুৱাই যায়৷
 ইয়াৰ মাজতেই যোৱা ২৭ এপ্রিলত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ কার্যকাল সমাপ্ত হোৱাৰ পৰিপ্রেক্ষিতত অঞ্চলটোত ৬ মাহৰ বাবে ৰাজ্যপালৰ শাসন প্রৱর্তন হয়৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে ৰাজ্যপালৰ শাসনৰ বিৰোধিতা কৰাৰ বিপৰীতে ইউপিপিএল, গণ সুৰক্ষা পার্টী, বিজেপি আদিয়ে ৰাজ্যপালৰ শাসনৰ আদৰণি জনায়৷ ২৭ অক্টোবৰত ৰাজ্যপালৰ ছমহীয়া শাসনৰ অন্ত পৰিব৷ বিটিচি নির্বাচনত অৱতীর্ণ হোৱা প্রতিটো দল আৰু প্রার্থীয়ে সম্প্রতি অচিৰেই বিটিচি নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে৷ বিপিএফৰ উপ–সভাপতি তথা ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীয়ে এই সম্পর্কত আজি ‘নিয়মীয়া বার্তা’ক কয় যে তেওঁলোকে অতি সোনকালে বিটিচিৰ নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে৷ বিটিচিবাসীৰ স্বার্থতে পৰিষদৰ নির্বাচন সোনকালে অনুষ্ঠিত হোৱাটো অত্যন্ত জৰুৰী৷ ক’ৰোনা মহামাৰীকে ধৰি বিভিন্ন দুর্যোগৰ সময়ত জনসাধাৰণে ৰাইজৰ প্রতিনিধিক কাষত আশা কৰে৷ কিন্তু অঞ্চলটোত বর্তমান নির্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ বাবে জনপ্রতিনিধিসকলে ৰাইজক সহায়–সহযোগ কৰিব নোৱাৰে৷ এই মুহূর্তত জনপ্রতিনিধিসকল ৰাইজৰ কাষ চাপিলেও বিৰোধী দল তথা প্রার্থীয়ে নির্বাচনী আচৰণবিধিৰ দোহাই দি আপত্তি দর্শায়৷ সেয়ে অঞ্চলবাসীৰ স্বার্থতে বিটিচি নির্বাচন অচিৰেই অনুষ্ঠিত হোৱাটো জৰুৰী হৈ পৰিছে৷ নির্বাচনত জয়ী হৈ কোনে চৰকাৰ কৰে সেয়া পৃথক বিষয়৷ কিন্তু নির্বাচন হৈ গ’লে দুর্যোগকালত জনপ্রতিনিধিসকল ৰাইজৰ কাষ চাপি সহায়–সহযোগ কৰিব পাৰিব৷ এই প্রসংগতে তেওঁ কয় যে এসপ্তাহ পিছত বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকল উভতি অহাটো কমি যাব৷ বহিঃৰাজ্যৰ পৰা মানুহ অহা কমাৰ লগে লগে ক’ৰোনা আক্রান্তৰ সংখ্যাও স্বাভাৱিকভাৱে কমি আহিব৷ বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ বাবেই যিহেতু অসমত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে, সেয়ে বহিঃৰাজ্যৰ পৰা মানুহ অহা কমাৰ লগে লগেই পৰিস্থিতি স্বাভাৱিক হোৱাৰ আশা কৰা হৈছে৷
  ইপিনে, ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱেও অচিৰেই বিটিচি নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে৷ অহা জুলাই মাহৰ ভিতৰত ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ অহাৰ আশা ব্যক্ত কৰি তেওঁ কয় যে পৰিস্থিতি স্বাভাৱিক হ’লেই বিটিচি নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰোঁ৷ বাৰিষা থাকিলেও জনসাধাৰণে ছাতি লৈ ভোট দিবলৈ আহিব৷ জনসাধাৰণে সোনকালে নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে৷ ইউপিপিএল দল নির্বাচনৰ বাবে সাজু হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে লকডাউনৰ গাইডলাইন অনুসৰি নির্বাচনী সমাৱেশ আদি অনুষ্ঠিত কৰাত বাধা আছে৷ সেয়ে তেওঁলোকে এই মুহূর্তত নির্বাচনী সমাৱেশ আদি অনুষ্ঠিত কৰিব পৰা নাই৷ কিন্তু দলীয় নেতা–কর্মীৰ ঘৰে ঘৰে গৈ সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি কথা–বতৰা পাতি প্রচাৰ কার্য অব্যাহত ৰাখিছে৷ অন্যান্য দলবোৰেও তেনেদৰে সাংগঠনিক কার্যকলাপ বাহাল ৰাখিছে৷ ইফালে, গণ সুৰক্ষা পার্টীৰ সভাপতি তথা কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়ায়ো অচিৰেই বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰে৷ এই সম্পর্কত তেওঁ কয় যে অহা জুলাই মাহৰ প্রথম সপ্তাহৰ ভিতৰত বহিঃৰাজ্যৰ পৰা উভতি আহিবলগীয়া সকলো লোকৰে কোৱাৰেণ্টাইনৰ সময় শেষ হ’ব বুলি আশা কৰা হৈছে৷ অৱশ্যে এই সময়তে বাৰিষাও আহিছে৷ সেয়ে আমি অহা ছেপ্ঢেম্বৰ মাহত বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ উপযুক্ত সময় হ’ব বুলি বিবেচনা কৰিছোঁ৷
নির্বাচন আয়োগকো ইতিমধ্যে দলৰ তৰফৰ পৰা ৰাজ্যৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে বিটিচি নির্বাচন অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে৷ বর্তমান তেওঁলোকে দলীয় প্রার্থী, বিষয়ববীয়া আদিৰ ঘৰে ঘৰে গৈ অন্যসকলৰ দৰে সাংগঠনিক তৎপৰতা চলাই আছে বুলি জানিবলৈ দিয়ে৷ মুঠতে বিটিচি নির্বাচনত অংশগ্রহণ কৰা প্রতিটো দলেই ৰাজ্যপালৰ ছমহীয়া শাসনৰ অন্ত পৰাৰ পূর্বেই বিটিচি নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে৷ আনকি বিপিএফ দলৰ উপ–সভাপতি তথা পর্যটন মন্ত্রী চন্দন ব্রহ্মই যোৱা দিনকেইটাৰ ভিতৰত এই সম্পর্কত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে দুবাৰ বৈঠকতো মিলিত হৈ অচিৰেই বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷
You might also like