মহানগৰ লতাশিলত জলবোর্ডৰ পাইপ ফুটি জল–বিস্ফোৰণ By নিয়মীয়া বাৰ্তা On Jun 6, 2020 Share নিয়মীয়া বাৰ্তা, ৬ জুনঃ মহানগৰীৰ লতাশিল থানাৰ সমীপত আজি হঠাৎ জলবোর্ডৰ পাইপ ফাটি জল বিস্ফোৰণ হোৱাত অঞ্চলটো জলমগ্ন হৈ পৰে৷ এই ঘটনাই লতাশিল অঞ্চলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে৷ কিয়নো জলবোর্ডৰ পাইপ ফুটি জল বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত লতাশিল থানাৰ সমীপত ৰাজপথত মাটি উফৰি পৰাৰ লগতে ৬ ফুট উচ্চতালৈ পানী ছিটিকি পৰে৷ প্রচণ্ড শব্দ কৰি দিন দুপৰতে সংঘটিত এই বিস্ফোৰণৰ ফলত লতাশিল ট্রেফিক পইণ্ট, লতাশিল থানা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়লৈ যোৱা পথ জলমগ্ন হৈ পৰে৷ এই অঞ্চলটোত শুকুৰবাৰে কৃত্রিম বানৰ সৃষ্টি হয়৷ উল্লেখ্য যে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে জলবোর্ডে গড়কাপ্টানী বিভাগৰ জৰিয়তে কাম কৰি আছিল৷ লতাশিল পথৰ তলত বহুওৱা পাইপেৰে পানী প্রৱাহিত কৰাৰ বাবে আজি জলবোর্ডে হাইড্র’ টেষ্টিং কৰিছিল৷ এই হাইড্র’ টেষ্টিং কৰোঁতেই ১৮ ইঞ্চিৰ পাইপ ফাটি অঞ্চলটোত জল বিস্ফোৰণ সংঘটিত হয়৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে জলবোর্ড, গড়কাপ্টানী বিভাগৰ বিষয়া–কর্মচাৰী আৰু সংশ্লিষ্ট ঠিকাদাৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ ঘটনাৰ কিছু সময়ৰ পিছত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই উপস্থিত হৈ হাইড্র’ টেষ্টিঙৰ সময়ত সংঘটিত এনে ঘটনা এক স্বাভাৱিক প্রক্রিয়া বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ তেওঁ কয় যে ৬–৭ বছৰ আগতে বহুওৱা পাইপৰ ভিতৰত বোকামাটি, গেদ আদি সোমাই পৰিছে৷ এই বোকামাটি উলিয়াই পেলাবৰ বাবে প্রচণ্ড জোৰে পাইপেৰে পানী প্রবাহিত কৰা হয়৷ পানীৰ পাইপ সম্পূর্ণকৈ পৰিষ্কাৰ হোৱাৰ পিছতহে ৰাইজক বিশুদ্ধ পানী যোগান ধৰা হয়৷ পাইপৰ ৱেল্ডিঙৰ জইন দুর্বল হোৱা বাবে এনে ঘটনা সংঘটিত হয়৷ আনহাতে, পাইপবোৰেৰে পানী জোৰকৈ প্রৱাহিত নকৰালৈকে জইন সঠিক হৈছে নে নাই জনা নাযায়৷ মন্ত্রীগৰাকীয়ে লগতে কয় যে এই বিষয়ে ঠিকাদাৰৰ লগত কথা পতা হৈছে৷ ঠিকাদাৰে দুই–এদিনত পাইপৰ মেৰামতি কৰিব বুলি কৈছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে খাৰঘুলিত হাইড্র’ টেষ্টিং কৰোঁতে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল৷ শুকুৰবাৰৰ ঘটনাটো গড়কাপ্টানী নে জলবোর্ডৰ ভুলৰ বাবে সংঘটিত হ’ল সেয়া নিশ্চিত হোৱা নাই যদিও ঘটনাটোৱে লতাশিলৰ বাট–পথ, থানা চৌহদ বুৰাই পেলায়৷ Share