নিয়মীয়া বাৰ্তা, ৬ জুনঃ লকডাউনৰ বাবে আবদ্ধ হৈ থকা প্রব্রজিত শ্রমিকৰ পৰিয়ালে তেলেংগানাৰপৰা ওড়িশালৈ বিশেষ ৰে’লযোগে যাত্রা কৰি থাকোঁতেই মহিলা এগৰাকীয়ে শুকুৰবাৰে এটি সন্তান জন্ম দিয়ে৷
ভাৰতীয় ৰে’লৱেই প্রকাশ কৰা মতে শুকুৰবাৰে শ্রমিক বিশেষ ৰে’লত তেলেংগানাৰ বালাংগিন জিলাৰ থদিবাহল গাঁৱৰ মিনা কুম্ভৰ নামৰ মহিলাগৰাকীয়ে ৰে’লতেই সন্তান এটি জন্ম দিয়ে৷ বর্তমান সন্তানটি আৰু নৱজাতকটি সুস্থ হৈ আছে৷ অৱশ্যে ৰে’লৰ পৰা নি তেওঁলোকক টিটিলাগড় চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷
উল্লেখ্য যে ওড়িশাত শ্রমিক ৰে’লত জন্ম পোৱা এইটো তৃতীয় নৱজাতক৷ সমগ্র দেশজুৰি বিশেষ শ্রমিক ৰে’লত প্রব্রজিত শ্রমিক মহিলাই ৩৭টা সন্তান জন্ম দিছে৷ ইয়াৰ পূর্বে ওড়িশাৰ বিশেষ শ্রমিক ৰে’লত যোৱা ২২ মে’ত ছত্তিশগড়ৰ পৰা অহা মহিলা এগৰাকীয়ে আৰু যোৱা ২৪ মে’ত টিটিলাগড়তে আন এগৰাকী মহিলাই এটি সন্তান প্রসৱ কৰিছিল৷ শ্রমিক ৰে’লত সন্তান প্রসৱ কৰা ঘটনাই দেশৰ জনসংখ্যা বৃদ্ধি আন এক ইংগিত দিছে৷