নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্কট ৰোগত আক্ৰান্ত হৈয়ো ৯৫শতাংশ নম্বৰৰে উজলিল ৰিয়াজ

নিয়মীয়া বাৰ্তা, ৭জুনঃ দৰিদ্ৰতা কেতিয়াও বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে। তাকেই প্ৰমাণ কৰি দেখুৱালে মৰিগাঁৱৰ ৰিয়াজে। দীৰ্ঘদিনে কৰ্কটৰোগত আক্ৰান্ত পিতৃক চিকিৎসা কৰি সৰ্বস্বান্ত হোৱা পৰিয়ালৰটোৰ সন্তান ৰিয়াজে মাতৃৰ সৈতে বহু কষ্ট কৰি অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত। দেউতাৰক লগত চিকিৎসাৰ বাবে ঘূৰি ফুৰাৰ সময়তে ৰিয়াজৰ দেহটো ধৰা পৰিছিল কৰ্কট ৰোগ।

দেহত দুৰাৰোগ্য ৰোগ আৰু প্ৰচণ্ড মনোবলৰে ৬টা বিষয়তে লেটাৰ মাৰ্কসহ ৯৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৰিয়াজ। ৰিয়াজৰ ঘৰখনত আজি দুখ নাই আছে মাথোঁ সুখৰ অশ্ৰু। জীৱনৰ কঠিন সময়তে প্ৰত্যাহ্বানকো নেওচি জীৱনৰ প্ৰথম চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৰিয়াজলৈ সকলোৱে জনাইছে অভিনন্দন। ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ মন ৰিয়াজৰ।

You might also like