নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰাং গৰু সৰবৰাহৰক কেন্দ্ৰ কৰি নগাঁৱৰ কাৱৈমাৰীত নিশা উত্তপ্ত পৰিস্থিতি

সৰবৰাহৰ সৈতে জড়িত তিনিজনক উত্তম-মধ্যম। বাহনৰ ক্ষতিসাধন

 নিয়মীয়া বাৰ্তা ৭ জুনঃ ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা । নিশা ট্ৰাকে ট্ৰাকে সৰবৰাহ হয় চোৰাং গৰু । এই চোৰাং গৰু সৰবৰাহক কেন্দ্ৰ কৰিয়েই নিশা নগাঁৱৰ কাৱৈমাৰীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । মাজনিশা গোপনে ৯ টাকৈ পশুধন সৰবৰাহ কৰিব বিচৰা এখন মিনিট্ৰাক কাৱৈমাৰী অঞ্চলত জব্দ কৰে স্থানীয় ৰাইজে । কোনো নথি-পত্ৰ দেখুৱাব নোৱাৰাৰ বাবে স্থানীয় ৰাইজ ক্ষোভিত হৈ উত্তম-মধ্যম শোধাই সৰবৰাহৰ সৈতে জড়িত তিনিজনকৈ ব্যক্তিক । ইয়াৰোপৰি উত্তেজিত ৰাইজে মিনি ট্ৰাকখনৰ লগতে এই দুষ্কাৰ্যত সহায় কৰি অহা এখন এল্ট’ গাড়ীৰো ক্ষতিসাধন কৰে । উল্লেখ্য যে , কাৱৈমাৰী অঞ্চলত সঘনাই গৰু চুৰি হৈ থকাৰ বাবে নিশা গাঁওৰক্ষী বাহিনীৰ সৈতে পহৰাত আছিল একাংশ ৰাইজ । পৰৱৰ্তী সময়ত ৰাইজে বাহন দুখনৰ লগতে গৰু সৰবৰাহৰ সৈতে জড়িত ব্যক্তি তিনিজনক স্থানীয় আৰক্ষীৰ হাতত চমজাই দিয়ে ।

You might also like