নিয়মীয়া বাৰ্তা ৭ জুন ঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উৰ্ত্তীণ হাৰে পুনৰ বাৰ উজ্জ্বলি উঠিল জাতীয় বিদ্যালয় সোণাৰি চাপৰি ৷ শিক্ষাক এক শৈক্ষিক আন্দোলন হিচাপে গঢ় লোৱা বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে অঞ্চলটোৰ সচেতন শিক্ষানুৰাগী ৰাইজৰ আশা আকাংক্ষাক বাস্তৱায়ীত কৰি শিশু শিক্ষাৰ বুনিয়াদ ৰচনাৰে শিশুৰ জীৱন গঢ়াৰ সৈনিক হিচাপে নিজকে আত্মনিয়োগ কৰি আহিছে ৷ সোণাৰি চাপৰি আঞ্চলৰ একাংশ শিক্ষানুৰাগী, সমাজ সচেতন লোকৰ সৎ প্ৰচেষ্টাত গঢ় লৈ উঠা জাতীয় বিদ্যালয় সোণাৰি চাপৰিয়ে কেইবা বছৰ ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উৰ্ত্তীৰ্ণ কৰোৱাই অঞ্চটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছ ৷ এই বছৰো বিদ্যালয় খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ১০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত সুকণ্যা গগৈয়ে ৮৫.৯ শতাংশ নম্বৰে ডিষ্টিংচন সহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈ অঞ্চলটোলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ উপৰিও ৰীম্পী চুতীয়া, প্ৰজ্বলিকা চুতীয়া,পৰিস্মিতা চুতীয়া আৰু বিদিষা পেগুৱে ৩/৪ টাকৈ বিষয়ত লেটাৰ নম্বৰ পায় ষ্টাৰ মাৰ্ক সহ প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাৰ লগতে আটাই কেইগৰাকী পৰীক্ষাৰ্থীয়েও প্ৰথম আৰু দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈ বিদ্যালয় খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
Next Post
You might also like