নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ১০ বছৰলৈ বন্ধ আন্তঃজিলা বদলিকৰণঃমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৭জুনঃ ৰাজ্যত ১০ বছৰলৈকে বন্ধ থাকিব আন্তঃজিলা বদলিকৰণ। যোগদানৰ পিছতে ১০ বছৰলৈ কোনো শিক্ষকে বদলিৰ বাবে আৱেদন কৰিব নোৱাৰিব। সেই স্থানতে ১০ বছৰ চাকৰি কৰাৰ পিছতহে আৱেদন জনাব পাৰিব। ইতিমধ্যে ৰাজ্যপালে অনুমোদন জনালে এই আইনত।

১০ বছৰৰ পাছত যদিহে কোনো শিক্ষকে নিজৰ জিলালৈ বদলি বিচাৰে তেন্তে প্ৰতিবছৰে জানুৱাৰী মাহত প্ৰকাশ পাব এখন আৱেদন আৰু সেই আৱেদনৰ পৰা মেধাৰ ভিত্তিত বদলিৰ সিদ্ধান্ত লোৱা হ’ব। গৰম বন্ধৰ সময়তে বদলিৰ নিৰ্দেশাৱলী প্ৰকাশ পাব বুলি সংবাদমেলযোগে ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্য়ে জিলাৰ ভিতৰত অব্যাহত থাকিব বদলিৰ প্ৰক্ৰিয়া।

You might also like